NORTHEAST NOW (Assamese)
অসম

চিকিৎসাৰ বাবে ৰাজ্যখনৰ ৩৯ গৰাকী সাংবাদিকক বিত্তীয় সাহায্য আগবঢ়ালে চৰকাৰে

Posted by: এন ই নাও নিউজ February 17, 2018 9:04 pm
Assam-Secretariat-678x381

শনিবাৰে অসম চৰকাৰে ৰুগীয়া সাংবাদিক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ বাবে ‘সাংবাদিক চিকিৎসা কল্যাণ আঁচনি’ৰ অধীনত ৩৯ গৰাকী সাংবাদিকক ১০,৭২,৩৪৩ টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে।

এই আঁচনিখন ৰূপায়ন কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে।

তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙে অধ্যক্ষতা কৰা ‘সাংবাদিক চিকিৎসা কল্যাণ আঁচনি’ৰ নিৰ্বাচন সমিতিৰ এখন বৈঠকত এককালীন বিত্তীয় সাহায্য প্ৰদানৰ বিষয়টো চূড়ান্ত কৰা হৈছিল।

বৈঠকত উপস্থিত আছিল সদস্য সচিব হিচাপে তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা, বিভাগৰ উপ সচিব হেমন্ত পেগু, তথ্য আৰু জনসংযোগৰ উপ সঞ্চালক দীপক বসুমতাৰী, দুগৰাকী বিশিষ্ট সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপ আৰু মৃণাল তালুকদাৰৰ লগতে সদস্য হিচাপে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ ভূপেন বৰদলৈ।

আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ তালিকাখন চূড়ান্ত কৰাৰ আগেয়ে আবেদনকাৰীসকলে দাখিল কৰা প্ৰপত্ৰ তথা প্ৰয়োজনীয় নথি পত্ৰসমূহ বৈঠকত বিশদভাৱে পুনৰীক্ষণ কৰা হয়।

২০১২ চনত সাংবাদিক কল্যাণ আঁচনিখন আৰম্ভ কৰাৰ পৰাৰে পৰা মুঠতে ১৫৭ গৰাকী সাংবাদিকলৈ সৰ্বমুঠ ৬৯,৮১,৩৪৩ টকা বিতৰণ কৰা হৈছে। পূৰ্বৰ বছৰবোৰত ১১৮ গৰাকী সাংবাদিক এই আঁচনিত অন্তৰ্ভুক্ত হৈছে আৰু শনিবাৰে ৩৯ গৰাকী সাংবাদিকলৈ এই বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে।