NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে শিৱসাগৰত ৱাইন শ্ব’পৰ চাটাৰ ভাঙি লক্ষাধিক মূল্যৰ বিলাতী সুৰা চুৰি

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 8, 2020 4:03 pm

ল’কডাউনৰ বাবে ৰাজ্যৰ চৌদিশে এতিয়া দিনে-নিশাই আৰক্ষী প্ৰশাসনে পহৰাৰ ব্যৱস্থা কৰিছে। কোনেও যাতে আইন শৃংখলা ভংগ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিজন আৰক্ষী সষ্টম হৈ আছে। কিন্তু তাৰ মাজতে শিৱসাগৰ নগৰৰ মাজমজিয়াত সংগঠিত হৈছে এক চুৰিকাণ্ড।

নগৰখনৰ ষ্টেশ্যন চাৰিআলিস্থিত শিৱসাগৰ ৰেল ষ্টেশ্যন পথৰ সন্মুখত থকা এচ. বি ৱাইন শ্ব’পত এই চুৰিকাণ্ড সংগঠিত হয়।

ঘটনাৰ বিৱৰণী মতে, এচ. বি ৱাইন শ্ব’পৰ গৰাকী শৈল্যধৰ বৰুৱাই ষ্টেশ্যন চাৰিআলিৰ এখন বিলাতী সুৰাৰ দোকানৰ পৰা চোৰে দামী দামী সুৰাৰ বটল চুৰি কৰি কম মূল্যত তাক বিক্ৰী কৰি থকা বুলি খবৰ পাই লগে লগে নিজৰ দোকানলৈ যায় আৰু নিজৰেই দোকানখন লণ্ডভণ্ড অৱস্থাত উদ্ধাৰ কৰে।

চোৰে তেওঁৰ ৱাইন শ্ব’পৰ চাটাৰ ভাঙি লক্ষাধিক মূল্যৰ বিলাতী সুৰা লৈ উধাও হয় বুলি তেওঁ জানিবলৈ দিয়ে। ঘটনা সম্পৰ্কত আৰক্ষীক খবৰ দিয়াত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।