NORTHEAST NOW (Assamese)
Popular Stories

প্ৰকৃততে কেতিয়া ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল! নৰ্থ ইষ্ট নাওক কি ক’লে ছেবাৰ অধ্যক্ষই ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 9, 2020 10:39 am
index

ল’কডাউন অন্ত পৰাৰ পাছতহে গ্ৰহণ হ’ব মেট্ৰিকৰ ফলাফল দিয়াৰ সিদ্ধান্ত। এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

একাংশ সংবাদমাধ্যমত জুনৰ দ্বিতীয় সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল দিব বুলি বাতৰি প্ৰকাশ পাইছে। কিন্তু বৰ্তমান ল’কডাউন চলি থকাৰ বাবে তেনে কোনো নির্দিষ্ট সিদ্ধান্ত লোৱা নাই ছেবা কতৃপক্ষই। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফ’নিক বাৰ্তালাপত এই কথা জনাইছে ছেবাৰ অধক্ষ্য ৰমেশ চন্দ্ৰ জৈনে।

ল’কডাউনৰ পূৰ্বলৈকে ৮৪ শতাংশ বহী পৰীক্ষণ কৰা সম্পূৰ্ণ হ’ল বুলি জানিবলৈ দি বাকী ১৬ শতাংশ বহী শিক্ষক-শিক্ষয়িত্ৰী সকলে ল’কডাউন খোলাৰ পাছত দুদিনৰ ভিতৰত চাই সম্পূৰ্ণ কৰিব বুলি জৈনে আমাৰ সাংবাদিকৰ আগত জানিবলৈ।

অৱশ্যে ল’কডাউন অব্যাহত নথকা হ’লে মে মাহৰ ১৫ তাৰিখৰ ভিতৰত মেট্ৰিকৰ ফলাফল দিলেহেঁতেন ছেবাই।

এতিয়া ল’কডাউন অন্ত নপৰা পৰ্যন্ত ৰিজাল্ট কেতিয়া দিব সেয়া কোৱাটো সম্ভৱপৰ নহয় বুলি জৈনে আমাৰ সাংবাদিকৰ আগত কয় ছেবাৰ অধ্যক্ষই।

ইপিনে যোৱা ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা ল’কডাউনৰ সময়ছোৱাত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষভাৱে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ছেবাই।

EduAid নামৰ youtube চেনেলত উপলদ্ধ বিজ্ঞান, অংক বিষয়ৰ অসমীয়া, বড়ো আৰু ইংৰাজীৰ এই পাঠদান কাৰ্যসূচী।

অধ্যক্ষ জৈনে জানিবলৈ দিয়ে যে ছেবাই অনলাইন যোগে ইউনিত টেষ্ট অনুষ্ঠিত কৰিব আৰু প্ৰশ্ন কাকত সমূহ youtubeতে আপলোড কৰিব।

দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে সেই প্ৰশ্নকাকতৰ উত্তৰ লিখি বিষয় শিক্ষকক দেখুৱাব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে।