NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সফলতাৰে সম্পন্ন টাং চু ডু ব্ৰড ব্ৰেকিং প্ৰতিযোগিতা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 29, 2020 4:44 pm
20201129_155950

আজি শিৱসাগৰত প্ৰথম বাৰৰ বাবে টাং চু ডু ব্ৰড ব্ৰেকিং প্ৰতিযোগিতা অনুষ্ঠিত হয়।

শিৱসাগৰ টাং চু ডু স্পৰ্টছ এচ’চিয়েশ্যনৰ উদ্যোগত স্থানীয় দৰবাৰ ফীল্ডত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।

প্ৰতিয়োগিতাত ১০০ ৰ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

আজি বেল্ট টেষ্ট প্ৰতিযোগিতাৰ লগতে টাং চু ডু ব্ৰড ব্ৰেকিং প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

উল্লেখ্য যে, কোভিডৰ বাবে দীৰ্ঘদিন বন্ধ হৈ আছিল সমৰ কলাৰ প্ৰশিক্ষণ।

লাহে লাহে কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাত নতুন প্ৰজন্মৰ যুৱক-যুৱতী সকলৰ মাজত সমৰ কলাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু শৰীৰ সুস্থ কৰি ৰাখিবলৈ টাং চু ডু স্পৰ্টচ এচ’চিয়েশ্যন-এ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

স্মৰ্তব্য যে এইবাৰ অসম অলিম্পিকত টাং চু ডু অন্তভুক্ত হৈছে। খেলুৱৈসকলৰ বাবে ই এক ভাল খবৰ বুলি জনায় উদ্যোক্তাসকলে।