NORTHEAST NOW (Assamese)
অসম

JEE পৰীক্ষাত নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষা দিয়া ভেৰোণীয়া পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 29, 2020 5:10 pm
index.jpgaa

JEE পৰীক্ষাত নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষা দিয়া ভেৰোণীয়া পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাজ্য কঁপোৱা JEE কেলেংকাৰি পোহৰলৈ অহাৰ পাছতে ভেৰোণীয়া পৰীক্ষাৰ্থী হিচাপে নাম সাঙোৰ খাইছিল প্ৰদীপ কুমাৰৰ।

প্ৰদীপ কুমাৰক আজি বিয়লি ভাগত দিল্লীত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ এটা দলে।

প্ৰদীপ কুমাৰে নীল নক্ষত্ৰ দাসৰ হৈ JEE পৰীক্ষাত বহিছিল।

মহানগৰ আৰক্ষী আয়ুক্তই জনোৱা অনুসৰি বিশেষ বিমানযোগে দিল্লীৰ পৰা অনা হ’ব প্ৰদীপ কুমাৰক।

আজি সন্ধিয়া ৭ বজাত গুৱাহাটীত উপস্থিত হ’বহি বুলি তেওঁ জনায়।

INDIGO বিমান যোগে প্ৰদীপ কুমাৰক লৈ অনা হ’ব গুৱাহাটীলৈ।

আৰক্ষী আয়ুক্তৰ সন্দেহ যে প্ৰদীপ কুমাৰ এজন পেছাদাৰী ভেৰোণীয়া পৰীক্ষাৰ্থী।

কাইলৈ দুপৰীয়া ভাগত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব প্ৰদীপ কুমাৰক।

উল্লেখযোগ্য যে, আজাৰাৰ মিত্ৰদেৱ মহন্ত নামৰ লোকজনে যোৱা ২৩ অক্টোবৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আজাৰা আৰক্ষীয়ে ৬২৪/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৯/৪০৬ ধাৰাত এক গোচৰ ৰুজু কৰিছিল।

সেই গোচৰৰ ভিত্তিতে মুঠ ৬ জন লোকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ ভিতৰত আছিল নীলৰ পিতৃ ডাউন টাউন হস্পিতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাস, তেওঁৰ পুত্ৰ নীল নক্ষত্ৰ দাস, মূল মাষ্টাৰ মাইণ্ড ভাৰ্গব ডেকা, হেমন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু তিৰুকমল পাঠক।

ডাঃ জ্যোতিৰ্ময় দাসে পুত্ৰৰ সলনি JEE প্ৰৱেশৰ মূল পৰীক্ষাত ধনৰ বিনিময়ত আন লোকক পৰীক্ষাত বহিবলৈ দিছিল।

জানিব পৰা মতে এই পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছিল নীল নক্ষত্ৰ দাসে।

নীলৰ এজন বন্ধুৰ আগত টেলিফোনযোগে সেই কথা স্বীকাৰ কৰিছিল আৰু ভাইৰেল হৈ পৰিছিল সেই টেলিফোনিক বাৰ্তালাপ।

উল্লেখযোগ্য যে, ৫ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হৈছিল JEEৰ কাউন্সেলিঙৰ পৰীক্ষা।