NORTHEAST NOW (Assamese)
অসম

ভাৰতত বৃদ্ধি কৰ’নাভাইৰাছ আক্ৰান্ত, মহাৰাষ্ট্ৰত সৰ্বাধিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 12:16 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

ভাৰতত শুকুৰবাৰে একেদিনাই ৬৩গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

বৰ্তমানলৈকে ২৫৮ গৰাকী ৰোগী চিনাক্ত হৈছে, তাৰে ৩৯ গৰাকী বিদেশী নাগৰিক।

আনহাতে কৰ’নাভাইৰাছত আক্ৰান্ত হৈ শুকুৰবাৰ পৰ্য্যন্ত ভাৰতত পাঁচজন লোক মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে ২২ গৰাকী ৰোগীক চিকিৎসাৰ পিছত যাবলৈ দিয়া হৈছে।

মহাৰাষ্ট্ৰ আটাইতকৈ বেছি আক্ৰান্ত চিনাক্ত হৈছে। শুকুৰবাৰে এই সংখ্যাই ৫২ চুইছেগৈ।

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই, নাগপুৰ আৰু পুনে চহৰ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে। অত্যাৱশ্যকীয় সেৱাসমূহৰ বাহিৰে সকলো সেৱা ৩১ মাৰ্চলৈকে বন্ধ কৰা হৈছে।

কেৰালাত ৪০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে—এই সংখ্যা দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক।

দেশৰ ৰাজধানী নতুন দিল্লীত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৬ গৰাকী। মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে দিল্লীৰ মল আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ ঘোষণা কৰিছে।

তেলেংগানা, কৰ্নাটক, লাদাখ আৰু ৰাজস্থানত ক্ৰমে ১৯, ১৫, ১০ আৰু ১৫ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

অসমকে ধৰি উত্তৰ-পূবত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱা নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’নাভাইৰাছ সন্দৰ্ভত শুকুৰবাৰে কিছু বিশেষ ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ৫০ শতাংশক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।

কৰ’নাভাইৰাছৰ আতংকৰ বাবে গুৱাহাটীত এইবাৰ সমূহ ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে ২২ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈকে দেশজুৰি জনতাৰ কাৰ্ফিউ আহ্বান কৰিছে।