NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা: দিচাং মাজগাঁৱত ট্ৰাকত খুন্দা মাৰি দ’ খাৱৈত পৰিল যাত্ৰীবাহী নৈশ বাছ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 19, 2022 7:45 am

যোৱানিশা শিৱসাগৰত সংঘটিত  এক ভয়ংকৰ পথ দুৰ্ঘটনা ঘটে।

যাত্ৰী ভৰ্তি এখন নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ খন পথৰ কাষৰে এটা দ’ খাৱৈত পৰে। এই দুৰ্ঘটনাত ৪০ গৰাকী যাত্ৰী গুৰুতৰ ভাবে আহত হৈছে।

আহত যাত্ৰীসকলক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আহত কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী হৈ জলেশ্বৰ অভিমুখে আহি থকা এএছ ২৫ চিচি১৭৩৩ নম্বৰৰ নৈশ বাছ খনৰ সৈতে শিৱসাগৰৰ ডিচাং মাজগাঁৱত বিপৰীত দিশৰ পৰা আহি থকা মাল ভৰ্তি এখন ট্ৰাকৰ মুখামুখী সংঘৰ্ষ হয়।

ইয়াৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই বাছ খন পথৰ দাঁতিৰ খাৱৈত সোমায় গৈ।

স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে পথৰ দুৰাৱস্থাৰ বাবেই হয়তো দুৰ্ঘটনাটো ঘটিবলৈ পালে।

ইয়াৰ পূৰ্বেও উক্ত পথছোৱাত আন কেইবাটাও দুৰ্ঘটনা ঘটা বুলি স্থানীয় লোকে জনাইছে।