NORTHEAST NOW (Assamese)
অসম

এইমাত্ৰ অহা খবৰ: সোণাপুৰৰ টোলগেটত জব্দ ১৪ কোটি টকাৰ নিচাযুক্ত মৰফিন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 19, 2022 7:23 am
এইমাত্ৰ অহা খবৰ: সোণাপুৰৰ টোলগেটত জব্দ ১৪ কোটি টকাৰ নিচাযুক্ত মৰফিন

ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়তে যোৱা নিশা সোণাপুৰৰ নাজিৰাখাট টোলগেটত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ।

নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰ’ই অভিযান চলাই দুখন বাহনৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মৰফিন।

জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

এ এছ ০১-ইভি ৮৪৯৩ আৰু এ এছ ০৩ এইছ ৩১৯১ নম্বৰৰ বাহন দুখনেৰে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে লৈ অহা হৈছিল নিচাযুক্ত মৰফিন খিনি।

ঘটনা সন্দৰ্ভত নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰ’ই তিনিজন লোকক আটক কৰি গুৱাহাটী মহানগৰীৰ চচলত থকা বিভাগটোৰ কাৰ্যালয়ত জেৰা আৰম্ভ কৰিছে।

অসমত ইমান বেছি পৰিমাণৰ মৰফিন জব্দৰ এয়াই প্ৰথম ঘটনা হিচাবে বিবেচিত হৈছে।