NORTHEAST NOW (Assamese)
Popular Stories

নদীবান্ধ, কা আন্দোলন কিয় বন্ধ কৰিলে অখিল গগৈয়ে? ৰাইজক জনালে শিৱসাগৰৰ বিধায়কে

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক February 19, 2022 6:47 am

অখিল গগৈয়ে নদীবান্ধ, কা আন্দোলনৰ আন্দোলনৰ ধাৰাবাহিকতা কিয় ৰক্ষা নকৰিলে, সেই প্ৰশ্নই এতিয়া ক্ৰিয়া কৰিছে বহুতৰে মনত। সেই প্ৰশ্নৰ উত্তৰো দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

টীয়ক সমষ্টিৰ দলীয় সতীৰ্থ আৰু শুভাকাংক্ষীসকলৰ সৈতে ভাৱ বিনিময় কৰাৰ অৰ্থে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা টীয়কৰ সন্তান অখিল গগৈ টীয়কৰ হস্পিতাল তিনিআলিস্থিত মা বিবাহ ভৱনত উপস্থিত হয়৷

উক্ত সভাত ৰাজ্যিক কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকন, ৰাজ্যিক সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, কেন্দ্ৰীয় উপ সভাপতি দিব্যজ্যোতি শৰ্মা, যোৰহাট জিলাৰ সভাপতি দিলীপ বৰদলৈ,কেন্দ্ৰীয় তথ্য প্ৰচাৰৰ সম্পাদক দেবাংগ সৌৰভ গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক নেতা উপস্থিত থাকে।

টীয়ক সমষ্টিৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি চাইদুল হুছেইন আৰু সম্পাদক মৃদুল বৰাই আঁতধৰা উক্ত সভাত অখিল গগৈয়ে দেশৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰে আৰু দেশ তথা ৰাজ্য বচোৱাৰ স্বাৰ্থৰ বিজেপি দলৰ বিপক্ষে সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়।

আনহাতে সাংবাদ মাধ্যমক আক্ৰমণ কৰি কয় যে এতিয়া সংবাদ মাধ্যমে চৰকাৰৰ বহতীয়া হিচাপে কাম কৰিছে। এয়া ভাৰতীয় সংবিধানৰ বাবে এক ভাবুকি বুলি মন্তব্য কৰে তেওঁ।

আনহাতে মত বিনিময়ৰ সময়ত অখিল গগৈক নদীবান্ধ, কা আন্দোলনৰ আন্দোলনৰ ধাৰাবাহিকতা কিয় ৰক্ষা কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত অখিল গগৈয়ে কয় যে বৰ্তমান বিজেপি চৰকাৰৰ দিনত আন্দোলনৰ পৰিবেশ নাই।লগতে বৰ্তমান চৰকাৰৰ হাতত উন্নয়নৰ বাবে কোনো ধন নাই বাবে ক’তো উন্নয়নমূলক কামকাজ আৰম্ভ কৰিব পৰা নাই বুলিও সদৰি কৰে বিধায়কগৰাকীয়ে।

ইপিনে চৰকাৰৰ এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অনতিপলমে পূৰণ নকৰিলে আন্দোলন গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰি এই ক্ষেত্ৰত সকলো বিৰোধীকে একত্ৰিত হ’বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।