NORTHEAST NOW (Assamese)
অসম

হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়: আদালতত কৰ্ণাটক চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 18, 2022 9:22 pm

হিজাবকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ মাজতে কৰ্ণাটক চৰকাৰে আজি এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰে।

শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ স্থিতিতে অটল থকা কৰ্ণাটত চৰকাৰে আজি কৰ্ণাটক উচ্চন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়।

সেয়ে শিক্ষানুষ্ঠানত হিজাব পিন্ধা নিষিদ্ধ কৰিলেও এয়া কোনো ধৰ্মীয় অধিকাৰ বিৰোধী কথা নহয়।

আজি কৰ্ণাটক চৰকাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয় আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰিলেও এনে কাৰ্যই ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদ উলংঘা কৰাটো নুবুজায়।

ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদে ধৰ্মীয় স্বাধীনতাৰ কথা কৈছে আৰু উক্ত অনুচ্ছেদৰ দোহাই দিয়েই একাংশ লোকে হিজাব নিষিদ্ধ কৰাৰ বিৰোধিতা কৰি আহিছে।

আজি কৰ্ণাটক চৰকাৰৰ হৈ আদালতত যুক্তি দিয়ে এডভোকেট জেনেৰেল প্ৰভুলিং নাভাদগীয়ে।

এড়ভোকেট জেনেৰেলগৰাকীয়ে ন্যায়াধীশ ৰিতু ৰাজ অৱস্থী, ন্যায়াধীশ জে এম খাজী আৰু ন্যায়াধীশ কৃষ্ণা এম দীক্ষিতক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠক জনায় যে একাংশ লোকে সাংবিধানিক অধিকাৰৰ দোহাই দি বিষয়টোক ভিন্ন ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে।

উল্লেখ্য কৰ্ণাটকৰ একাংশ ছাত্ৰীয়ে যোৱা ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আদালতত আবেদন জনাইছিল।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত দৈনিক ভিত্তিত শুনানি গ্ৰহণ কৰি আছে আৰু চূড়ান্ত ৰায়দান নোহোৱা পৰ্যন্ত কোনো ছাত্ৰীকে শিক্ষানুষ্ঠানত হিজাব পৰিধান নকৰিবলৈ নিৰ্দেশ দিছে।

আজি কৰ্ণাটক চৰকাৰে এই বুলিও দাবী কৰে যে চৰকাৰী নিৰ্দেশে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক) উলংঘন কৰা নাই।
ইপিনে একাংশ ছাত্ৰীয়ে সপ্তাহৰ শুকুৰবাৰৰ দিনটো আৰু পবিত্ৰ ৰমজান মাহত ছাত্ৰীসকলক হিজাব পৰিধানৰ অনুমতি দিব লাগে বুলি আদালতত আবেদন জনাইছিল।