NORTHEAST NOW (Assamese)
অসম

বিধ্বংসী বানে ৰূপ সলাই পেলাইছে ব্ৰাজিলৰ মনোৰম চহৰ পেট্ৰোপলিছৰ, ওলায়েই আছে মৃতদেহ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 18, 2022 9:05 pm
বিধ্বংসী বানে ৰূপ সলাই পেলাইছে ব্ৰাজিলৰ মনোৰম চহৰ পেট্ৰোপলিছৰ, ওলায়েই আছে মৃতদেহ

ব্ৰাজিলৰ এখন বিতোপন চহৰ পেট্ৰোপলিছ। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু চহৰ খনৰ ৰূপ এতিয়া কদৰ্য কৰি তুলিছে বিধ্বংসী বানে।

বিগত তিনি মাহ ধৰি ধুমুহাৰ সৈতে যুঁজ দি থকা ব্ৰাজিলত এতিয়া চলিছে বানৰ সংহাৰ। য’তে ত’তে ওলাইছে কেৱল মৃতদেহ। এতিয়ালৈকে ৭৮ টা মৃতদেহ উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

একেদৰে ভূমিস্খলনৰ ফলতো বহু লোকৰ লোকৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।

ব্ৰাজিলৰ বহু ঠাইত এতিয়া বাট-পথৰ চিন-মোকাম নোহোৱা হৈ পৰিছে। বানৰ ফলত একো একোটা পথ হৈ পৰিছে একো একো খন বৃহৎ নদী সদৃশ।

ৰিঅ’ ডি জেনেৰিঅ’ৰ বহু অঞ্চল এতিয়া বোকা-পানীয়ে ঘৰ-দুৱাৰ পুতি পেলাইছে।

চৰকাৰে হেলিকপ্তাৰ ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।