NORTHEAST NOW (Assamese)
অসম

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যৌন উৎপীড়নৰ ঘটনা; জ্যেষ্ঠ শিক্ষকৰ বিৰুদ্ধে গৱেষিকা ছাত্ৰীৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2019 8:36 pm
sexual assault on minor girl in assam's hojai

অসম বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰ দ্বাৰা যৌন উৎপীড়নৰ বাতৰি পুৰণি হ’বলৈ নাপাওঁতেই গুৱাহাটী বিশ্ববিদ্যালয়ত অনুৰূপ এটা ঘটনা ঘটাৰ অভিযোগ উঠিছে।

বিশ্ববিদ্যালয়খনৰ এগৰাকী গৱেষিকা ছাত্ৰীয়ে ইয়াৰ অভ্যন্তৰীণ অভিযোগ সমিতিত (Internal Complaints Committee) এই অভিযোগ দিছে যে তেওঁ এজন জ্যেষ্ঠ শিক্ষকৰ দ্বাৰা যৌন উৎপীড়নৰ বলি হৈছে।

অভিযোগপত্ৰখনত ছাত্ৰীগৰাকীয়ে কৈছে, কিছু দিনৰ পূৰ্বে এই ঘটনাটো ঘটিছিল আৰু এতিয়াহে তেওঁ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ দিবলৈ সাহ গোটাব পাৰিলে।

অভিযুক্ত অধ্যাপকজন অসমীয়া বিভাগৰ আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশেৰে তেওঁ এজন সাম্প্ৰতিক ভাষাবিদো।

জানিব পৰামতে, ছাত্ৰীগৰাকীৰ অভিযোগপত্ৰখন ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ অভ্যন্তৰীণ অভিযোগ সমিতিয়ে বিবেচনা কৰি আছে। অভ্যন্তৰীণ অভিযোগ সমিতিয়ে বিশ্ববিদ্যালয়খনত মহিলাৰ বিৰুদ্ধে হোৱা যিকোনো ধৰণৰ যৌন নিপীড়নৰ অভিযোগ চোৱাচিতা কৰে।

“এনেকুৱা যৌন উৎপীড়ন কৰ্মক্ষেত্ৰত হোৱা আন ধৰণৰ হাৰাশাস্তিৰ অভিযোগবোৰ অনুসন্ধান কৰিবলৈ আমাৰ এটা অভ্যন্তৰীণ প্ৰণালী আছে। এই সন্দৰ্ভটো চাবলৈ এখন কমিটী আছে আৰু কমিটীখনে বিষয়টো অনুসন্ধান কৰি আছে। এতিয়াই এই বিষয়ত মন্তব্য কৰা অসুবিধা”, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সচিব তিলক হাজৰিকাই নৰ্থ-ইষ্ট নাওক কয়।