NORTHEAST NOW (Assamese)
অসম

১৭ মে’ত তিনিচুকীয়াত সাংবাদিক পৰাগ দাস স্মৃতি দিৱস উদযাপন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 11, 2019 3:44 pm

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু ছৈখোৱা প্ৰেছ ক্লাবৰ সহযোগত অহা ১৭ মে’ত ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস  উদযাপনৰ আয়োজন কৰা হৈছে।

পুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব জিলা তথা স্থানীয় প্ৰেছ ক্লাবৰ সভাপতি ক্ৰমে ঋষি দাস আৰু শান্তনু গোস্বামীয়ে। স্মৃতি তৰ্পন কৰিব জিলা উপ সভাপতি পৰাগ ভূঞাই।

তাৰ পাছতে সাংবাদিক গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পনৰে অনুষ্ঠানটো উদ্বোধন কৰিব ক্ৰমে অসম বাৰ্তাজীৱি সংঘৰ উপ সভাপতি কমল তালুকদাৰ আৰু প্ৰাক্তন জিলা সভাপতি অনুজ কলিতাই। দিনৰ ১১ বজাৰ পৰা ‘পৰাগ কুমাৰ দাস আৰু সাম্প্ৰতিক সময়ত সাংবাদিক সকলৰ দ্বায়বদ্ধতা’ শীৰ্ষক এটি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হ’ব।

ঋষি দাসৰ সঞ্চালনাত আৰু ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মিনুৰাণী বৰাই উদ্বোধন কৰিবলগীয়া বক্তৃতানুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।