NORTHEAST NOW (Assamese)
অসম

ফোঁপোলা হৈ ৰ’ল চৰকাৰৰ আন এটা ঘোষণা; দুবছৰে ফলকতে সীমাবদ্ধ প্ৰৱাসী অসমীয়াৰ বিনিয়োগ কেন্দ্ৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 11, 2019 5:16 pm
Prabashi Asomiya Kendra_1

“পৰিৱৰ্তন”ক জনগণৰ আগত দেখুৱাবলৈ ইটোৰ পিছত সিটো ঘোষণাৰে চমক সৃষ্টি কৰা বিজেপিৰ তিনি বছৰীয়া চৰকাৰখনৰ ঘোষণা/আঁচনিবোৰ এটাৰ পিছত আন এটাকৈ “ফোঁপোলা” প্ৰমাণিত হ’বলৈ ধৰিছে।

প্ৰায় ৪০ কোটি টকীয়া নমানী ব্ৰহ্মপুত্ৰ, নমামী বৰাকৰ মাজেৰে দিয়া ব্ৰহ্মপুত্ৰ-বৰাকৰ ওপৰত লোৱা হ’ব বুলি কোৱা আঁচনিবোৰৰ আজিলৈ একো উমঘাম নহ’ল।

কেইবাকোটি টকীয়া এডভাণ্টেইজ আছাম শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ মেলাৰ ফল কি সকলোৱে দেখি আছে?

বিনিয়োগ মেলা পতাৰ পাছত ৰাজ্যত থকা গুৰুত্বপূৰ্ণ কেইবাটাও উদ্যোগ বন্ধ হৈ যোৱাটো চকুৰ আগত লৈ চৰকাৰে চাই আছে।

এই বিনিয়োগমেলাৰ ঠিক আগে আগে বিদেশত থকা অসমীয়াসকলে যাতে অসমত বিনিয়োগ কৰিব পাৰে তাৰ বাবে ২০১৭ চনৰ ১৮ জুলাইত অসম চৰকাৰে গুৱাহাটীত স্থাপন কৰিছিল ‘প্ৰৱাসী অসমীয়া কেন্দ্ৰ’। অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা অসম ঔদ্যোগিক উন্নয়ন নিগম (এ আই ডি চি)ৰ চৌহদতে কেন্দ্ৰটোৰ শুভাৰম্ভ কৰিছিল।

চৰকাৰে ইয়াৰ উদ্দেশ্য ঘোষণা কৰি কৈছিল, প্ৰৱাসী অসমীয়াসকলে ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ অৰ্থে এই কেন্দ্ৰৰ মাধ্যমেৰে সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি কাৰ্য্যক্ষেত্ৰত আগ বাঢ়িব পাৰিব।

কিন্তু দুটা বছৰ সম্পূৰ্ণ নোহাৱা এই কেন্দ্ৰটোৰ নামত এতিয়া এখন ফলক ওলমি থকাৰ বাদে একো নাই।

২০১৮ চনৰ ফেব্ৰুৱাৰি মাহত অসমত অনুষ্ঠিত ‘এডভান্টেইজ আছাম’ নামৰ বিনিয়োগ মেলাৰ পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে গ্ৰেইট বৃটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চিংগাপুৰকে ধৰি কেইবাখনো দেশত প্ৰচাৰ চলোৱাৰ লগতে তাত থকা অসমীয়াসকলৰ সৈতে বৈঠকতো মিলিত হৈছিল। লগতে অসমৰ মন্ত্ৰীসকলে প্ৰৱাসী অসমীয়াসকলক অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ বাবে অনুৰোধো জনাইছিল।

লগতে পঢ়ক ক’ত হেৰাল মন্ত্ৰী হিমন্ত বিশ্বৰ খাদিৰ সপোন!

কিন্তু চৰকাৰৰ প্ৰৱাসী অসমীয়া কেন্দ্ৰলৈ সঁহাৰি দি আজিলৈ এজনো প্ৰৱাসী অসমীয়াই ৰাজ্যত বিনিয়োগৰ বাবে আগ বাঢ়ি নাহিল।

ৰাধাগোবিন্দ পথৰ এ আই ডি চি চৌহদত এই কেন্দ্ৰটো স্থাপন কৰাৰ সময়ত সেইসময়ৰ এ আই ডি চিৰ জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যকে ধৰি কেইবাজনো বিষয়া ইয়াৰ লগত জড়িত আছিল। ‘এডভাণ্টেইজ আছাম’ৰ ৱেবছাইটতো কেন্দ্ৰটোৰ লগত যোগাযোগৰ বাবে জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যৰ ফোন নম্বৰেই দিয়া আছিল।

কিন্তু কেন্দ্ৰটো মুকলি কৰাৰ পাছতেই চৰকাৰী গুৰুত্বৰ অভাৱত ‘কলিতেই মৰহি যোৱা’ৰ দৰে হ’ল। সেই কথা প্ৰকাশ পাইছে আৰম্ভণিৰ সময়ৰ পৰা এই কেন্দ্ৰৰ সৈতে জড়িত এ আই ডি চিৰ এগৰাকী বিষয়াৰ বক্তব্যত।

এ আই ডি চিৰ ডেপুটি জেনেৰেল মেনেজাৰ অমিতাভ শইকীয়াই কেন্দ্ৰটো সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক কয়, “এ আই ডি চি চৌহদত এই কেন্দ্ৰটো স্থাপন হ’ল যদিও ইয়াৰ কাম একো আগ নাবাঢ়িল। যি আশালৈ চৰকাৰে কেন্দ্ৰটো স্থাপন কৰিছিল সেয়া ফলপ্ৰসূ নহ’ল। চৰকাৰৰ তৰফৰ পৰাও যিধৰেণে ইয়াক আগুৱাই নিব লাগিছিল তেনে সঠিক পদক্ষেপ নল’লে। ওপৰৰ পৰা কামখিনি অলপ আগুৱাই দিয়া হ’লে হয়টো আগ বাঢ়ি গ’লহেঁতেন”।

Prabashi Asomiya Kendra
এডভাণ্টেইজ আছামৰ ৱেবছাইটত প্ৰবাসী অসমীয়া কেন্দ্ৰৰ বাবে থকা লিংকড পেইজটো।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ামতে কেন্দ্ৰটোৰ আৰম্ভণিৰ পাছতেই আমেৰিকা আৰু ইউৰোপত থকা কেইগৰাকীমান অসমীয়া ব্যক্তিৰ সৈতে যোগাযোগ হৈছিল যদিও তেওঁলোকৰ ফালৰ পৰা বিশেষ সঁহাৰি পোৱা নগ’ল।

ইপিনে, চৰকাৰে প্ৰৱাসী অসমীয়া কেন্দ্ৰ স্থাপন কৰিলে যদিও ইয়াৰ বিষয়ে জানিবলৈ আজিলৈ প্ৰস্তুত নকৰিলে কোনো ৱেবছাইট। ‘এডভাণ্টেইজ আছাম’ৰ ৱেবছাইটত এটা পেইজ এই কেন্দ্ৰ নামত ৰখা হৈছিল আৰু যোগাযোগৰ বাবে এ আই ডি চিৰ জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যৰ ফোন নম্বৰ দিয়া হৈছিল। কিন্তু জেনেৰেল মেনেজাৰ বৈশ্যও কেতিয়াবাই অৱসৰ ল’লে (যদিও এতিয়াও ছাইটত তেওঁৰ ফোন নম্বৰ দেখা গৈছে)। লগতে ‘এডভাণ্টেইজ আছাম’ শেষ হোৱাৰ পাছত সেই ৱেবছাইটো এতিয়া গুৰুত্বহীন হৈ পৰিল।

ইপিনে, কেন্দ্ৰটোৰ বাবে এ আই ডি চিৰেই কেইগৰাকীমান বিষয়াক দায়িত্ব দিয়া হৈছিল, কিন্তু ইমান দিনে ইয়াৰ কোনো স্থায়ী বিষয়া, কৰ্মচাৰী নিয়োগ নহ’ল। যাৰ বাবে এই কেন্দ্ৰৰ যোগেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অসমীয়াসকলৰ সৈতে যোগাযোগৰ ধাৰা এতিয়া আৰু অব্যাহত হৈ থকা নাই।

ইপিনে, কেন্দ্ৰটোৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে দিচপুৰৰ শীৰ্ষ বিষয়াসকল কিমান অৱগত তাতো সন্দেহ আছে। আমি প্ৰথম অৱস্থাত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে কেন্দ্ৰটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলো যদিও বিভাগটোৰ দিচপুৰত থকা বিষয়াসকলে এই বিষয়ে জনাবলৈ অপাৰগতা প্ৰকাশ কৰি এ আই ডি চিত হে যোগাযোগ কৰিবলৈ কয়।