NORTHEAST NOW (Assamese)
অসম

হাৰিয়ানাত অসমৰ যুৱতীৰ দাম এক লাখ টকা

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা May 11, 2019 5:16 pm
HumanTraffickingHumanTrafficking Assam girl gets sold for 1 lakh rupees in Haryana

কন্যা-ভ্ৰুণ হত্যা, যৌতুক আদি ভয়ংকৰ ব্যাধিৰে আৱৰা হাৰিয়ানাত লাখ টকাত বিক্ৰী হয় অসমৰ যুৱতী।

হাৰিয়ানা-সদৃশ বহু ৰাজ্যত নাৰী-পুৰুষৰ ভাৰসাম্যহীনতাৰ বিপৰীতে বলি হোৱা অসমৰ দুখীয়া পৰিয়ালৰ বহু যুৱতীৰ এই অৱস্থা পোহৰলৈ আহিছে শেহতীয়াকৈ উদ্ধাৰ হোৱা এগৰাকী যুৱতীৰ পৰা।

হাৰিয়ানাত এক লাখ দহ হাজাৰ টকাত বিক্ৰী কৰা হৈছিল হাজোৰ যুৱতীগৰাকীক।

ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ পাঠকৰ নেতৃত্বত যোৱা এটা দলে যুৱতী গৰাকীক উদ্ধাৰ কৰিছে।

অভিযোগ মতে, কাচেম আলী নামৰ এজন নাৰী সৰবৰাহকাৰীয়ে ইমাম আলী আৰু মক্সেদ আলী নামৰ আন দুজনৰ সহযোগত যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভনেৰে লৈ গৈ হাৰিয়ানাত বিক্ৰী কৰিছিল।

কিন্তু পলাতক কাচেম আলী, ইমাম আলী আৰু মক্সেদ আলীক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

আমি অভিযান চলাই আছো, অতি সোনকালেই অপৰাধীক আমি আটক কৰিব পাৰিম, ৰামদিয়া আৰক্ষীৰ মন্তব্য।

এই অপৰাধীকেইজন বাৰু আটক হ’ল, কিন্তু নাৰী তথা মানৱ সৰবৰাহ নিৰ্মূল হ’ব কেতিয়া?