• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Video|| ক’ত হেৰাল মন্ত্ৰী হিমন্ত বিশ্বৰ খাদিৰ সপোন!

এইবাৰৰ আগৰটো ব’হাগ বিহুতে সকলোকে দুটাকৈ চাৰ্ট উপহাৰ দিয়াৰ সপোন ৰচিছিল শৰ্মাই।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 9, 2019 6:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰে “ব’হাগ বিহুৰ দিনা” অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক খাদি বস্ত্ৰ উপহাৰৰ সপোন আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কিন্তু দুটাকৈ ব’হাগ যোৱাৰ পিছতো এদিনৰ এশ চোলা বিতৰণতে হেৰাই গৈছে দক্ষতাৰ বাবে বিৰোধীৰো স্বীকৃতি পোৱা মন্ত্ৰীজনৰ সপোন।

Apply Now

কৰ্মচাৰীক উপহাৰৰূপে পিন্ধাব খোজা মন্ত্ৰী শৰ্মাৰ খাদি বস্ত্ৰ এতিয়া আগবাঢ়িছে মুকলি বিক্ৰীৰ মুখে। মিথ্যাচাৰত পৰিণত হৈছে সত্যকে জয় বোলা জাতিৰ পিতা গান্ধীজীৰ জয়ন্তীৰ দিনাই ২০১৭ চনত তদানীন্তন খাদি আৰু গ্ৰামোদ্যোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষিত প্ৰতিশ্ৰুতি।

খোদ খাদি ব’ৰ্দৰ অধ্যক্ষ কমলাকান্ত কলিতাই জনোৱা মতে অসমৰ চৰকাৰী কৰ্মচাৰীক খাদি যোগানৰ আঁচনিখনেই বন্ধ হৈ গৈছে।

ফলত বিপদত পৰা খাদি ব’ৰ্দে এতিয়া চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰস্তুত কাপোৰৰ মুকলি বিক্ৰী কৰি মোকলাব খুজিছে ঘূৰি নহা ধন।

চৰকাৰৰ পুঁজি মুকলি নোহোৱাৰ বাবেই কৰ্মচাৰীক উপহাৰ দিবলৈ অনা বস্ত্ৰ এতিয়া বিক্ৰী কৰি দিবলৈ তেওঁলোক সাজু হৈছে, জনায় কলিতাই।

লগতে পঢ়ক– বহাগ বিহুও গ’ল, মাহো গ’ল; ৰাজ্যত উৎপাদনেই নহ’ল : কৰ্মচাৰীক চৰকাৰে পিন্ধাব বহিঃৰাজ্যৰ খাদিবস্ত্ৰ

২০১৮চনৰ গান্ধী জয়ন্তীত যি এশটা চোলা উপহাৰ দি খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঁচনিখন আৰম্ভ কৰিছিল সেইকেইটাৰ পইচাও আজিলৈকে দিয়া নহ’ল ব’ৰ্ডক, কলিতাই জনায়।

তেওঁ জনোৱা মতে চৰকাৰৰ নিৰ্দেশত ব’ৰ্ডে নিজৰ পুঁজিৰেই প্ৰথম পৰ্য্যায়ত বিতৰণৰ বাবে প্ৰায় ২৫লাখ টকাৰ চাৰ্ট আৰু মহিলাৰ শ্বল সাজু কৰিছিল।

আশ্বৰ্য্যজনক কথাটো হ’ল, ব’ৰ্দৰ প্ৰাপ্য ধন মোকলাই নিদিয়াৰ পৰিৱৰ্তে বাজেটত কিন্তু আঁচনিটোৰ বাবে ঘোষিত হৈছিল ১৫কোটি টকা।

অধ্যক্ষ কমলাকান্ত কলিতাই নৰ্থ ইষ্ট নাও-ক কয়, “চৰকাৰে লোৱা এই আঁচনি মতে ১৫কোটি টকা বাজেটত ধাৰ্য্য হৈছিল। মন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী যোৱা ২ অক্টোবৰত ১০০গৰাকী কৰ্মচাৰীক খাদি চাৰ্ট উপহাৰ দি এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। কিন্তু বিভিন্ন অজুহাতত ধাৰ্য্য হোৱা ১৫ কোটি টকা মোকলাই দিয়াৰ বাবে চৰকাৰৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ পৰা বিত্ত বিভাগলৈ প্ৰস্তাৱ নপঠিয়ালে। যাৰ বাবে খাদি ব’ৰ্ডে চৰকাৰৰ পৰা টকা নোপোৱাত এই আঁচনি ইমানতেই স্থগিত ৰাখিবলগীয়া হ’ল।”

এতিয়া পঢ়ক ২০১৭ৰ গান্ধী জয়ন্তীত আঁচনি ঘোষণা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণ।

“অসম চৰকাৰে এটা সিদ্ধান্ত লৈছো, অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক আমি খাদি কাপোৰ উপহাৰ দিম। পুৰুষৰ কাৰণে দুটাকৈ চাৰ্ট আৰু মহিলাৰ কাৰণেও চুৰিদাৰ বা শাড়ী তেনেকুৱা কিবা দিয়া হ’ব। আমি বাজেটত ধন ধাৰ্য্য কৰিছো। দায়িত্বটো খাদি ব’ৰ্ডক দিছো। এই কামটো যাতে ৩১মাৰ্চৰ ভিতৰত শেষ কৰিব পাৰো তাৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা ল’বলৈ মই খাদি ব’ৰ্ডক অনুৰোধ জনাম যাতে ব’হাগ বিহুৰ দিনা সকলোকে দুটাকৈ চাৰ্ট উপহাৰ হিচাপে দিব পাৰো।”

অসমীয়াৰ আয়ুস ৰেখা ব’হাগ বিহু দুটা গ’ল, অসমৰ চৰকাৰী কৰ্মচাৰী আজিও খাদিধাৰী নোহোৱাকৈয়ে ৰ’ল!

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd