NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ টীয়কত গণ হিংসাৰ বলি হোৱা চিকিৎসক দেৱেন দত্তৰ পত্নীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2021 7:33 pm

সাংস্কৃতিক নগৰী যোৰহাটৰ সঘনে সংঘটিত হ’বলৈ লৈছে বৰ্বৰ ঘটনা।২০১৯ চনত দেশ কপোৱা টীয়কৰ ডা° দেৱেন দত্তক কৰ্মৰত অৱস্থাত হত্যাকাণ্ড,২০২০ চনত মৰিয়নিৰ দেৱাশীষ গগৈৰ হত্যাকাণ্ড আৰু কালি যোৰহাট নগৰৰ মাজমজীয়াত সংঘটিত হৈছে ছাত্ৰ নেতা অনিমেষ ভুঞাৰ বৰ্বৰ হত্যাকাণ্ড।

এই বৰ্বৰ অমানুষিক কাণ্ডক লৈ ৰাজ্যৰ সৰ্বত্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ২০১৯ চনৰ ৩১আগষ্টত টীয়কৰ চিকিৎসক ডা° দেৱেন দত্ত পৰিবাৰ অপৰাজিতা দত্তই ভুক্তভোগী পৰিয়ালক সমবেদনা জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কৈছে যে সত্ৰ ন্যায়ধিশে যোৰহাট আদালতত তেওঁৰ স্বামীৰ ক্ষেত্ৰত যি ৰায় দিছিল সেয়া বৰ্তমানো কাৰ্যকৰী নোহোৱাত আইনৰ সুৰুঙা লৈ অপৰাধী মুক্ত আকাশৰ তলত বিচৰণ কৰিছে। ই অনাগত দিনত অপৰাধীক অধিক শক্তিশালীহে কৰিব বুলি ক্ষোভ প্ৰকাশ কৰিছে।

লগতে অনিমেষ হত্যাকাণ্ডৰে জড়িত সকলোকে অনতি পলমে ৰায় দান দি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে।