NORTHEAST NOW (Assamese)
অসম

পেৰা অলিম্পিকৰ মিক্সড ৫০মিটাৰ পিষ্টলত ভাৰতৰ দুটা পদক; দেশৰ তৃতীয়টো সোণৰ পদক জয় মনীশৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2021 11:51 am
163645-cvpzdseojy-1630731597

টকিঅ’ পেৰা অলিম্পিকৰ ১১নম্বৰ দিনটোৰ পুৱাতেই ভাৰতে এটা ইভেন্টতে দুটাকৈ পদক হস্তগতে কৰে। মিক্সড ৫০ মিটাৰ পিস্তল এছএইচ১ ইভেন্টত নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ভাৰতক সোণৰ পদক আনি দিলে ১৯ বছৰীয়া শ্বুটাৰ মনীশ নাৰৱালে।

মুঠ ২১৮.২ পইন্ট লাভ কৰে মনীশে। তেওঁতকৈ ১.৫ পইন্ট কম পাই ভাৰতৰ বাবে ৰূপৰ পদক জয় কৰে ছিংৰাজে। তেওঁ লাভ কৰে ২১৬.৭পইন্ট। এই ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে ৰাছিয়াৰ শ্বুটাৰ এছ মালিচেভে।

প্ৰথম ১০টা শ্বটৰ পাছত এই ইভেন্টৰ প্ৰথম স্থানত আছিল ছিংৰাজ। পঞ্চম স্থান আছিল মনীষ নাৰৱাল। তাৰ পাছত দুটা শ্বটৰ ৰাউণ্ডসমূহত ধাৰাবাহিকভাৱে ১০ পইন্টৰ ওপৰত শ্বট মাৰি শীৰ্ষলৈ উঠি আহে মনীষ।

নৱম ৰাউণ্ডত ছিংৰাজে মনীষতকৈ ০.৪ পইন্ট অধিক লাভ কৰিলেও প্ৰথম স্থাননলৈ উধাব নোৱাৰিলে। অন্তিম ৰাউণ্ডত ছিংৰাজে ১৭.৯ শ্বুট কৰে. মনীষে  শ্বুট কৰি সংগ্ৰহ কৰে ১৭.৫পইন্ট। কিন্তু পূৰ্বৰে পৰা আগবাঢ়ি থকাৰ বাবে সোণৰ পদক নিশ্চিত হয় মনীষৰ।