NORTHEAST NOW (Assamese)
Popular Stories

আৰ বি আইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : এ টি এমৰ পৰা নোহোৱা হ’ব ২০০০ টকীয়া নোট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2019 12:03 pm
2000-rs-currency-noteHow to detect fake 2k, 500 rupees

২০১৬ চনৰ ডি মনিটাইজেশ্যনৰ পিছত ওলোৱা ২০০০ টকীয়া নোট অচিৰেই এ টি এমৰ পৰা নোহোৱা হৈ যাব। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

উল্লেখযোগ্য যে সৰু সৰু চহৰসমূহত এ টি এমৰ পৰা ওলোৱা ২০০০ টকীয়া নোট সমূহ গ্ৰাহকে খুচুৰা কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰ বি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়াৰে পৰা বেংকসমূহে লাহে লাহে এ টি এম সমূহৰ পৰা ২০০০ টকীয়া নোট আতৰ কৰিব। ইতিমধ্যে এই ক্ষেত্ৰত এছ বি আই য়ে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আৰ বি আইৰ নিৰ্দেশ অনুসৰি এছ বি আইয়ে সৰু সৰু চহৰৰ এ টি এম সমূহৰ পৰা ২০০০ টকীয়া নোটৰ স্ল’ট আতৰাইছে। অৱশ্যে ডাঙৰ ডাঙৰ চহৰসমূহৰ ক্ষেত্ৰত এনে কৰা নহয়।

সৰু সৰু চহৰ সমূহত বেংকে ২০০০ টকীয়া নোটৰ পৰিৱৰ্তে ১০০, ২০০ আৰু ৫০০ টকীয়া নোটৰ স্ল’ট বৃদ্ধি কৰিছে।

বেংকে ২০০০ টকীয়া নোট সমূহ পৰ্যায়ক্ৰমে লাহে লাহে এ টি এম সমূহৰ পৰা দূৰ কৰাৰ বাবে চেষ্টা চলাইছে যাতে সাধাৰণ মানুহৰ মাজত ২০০০ টকীয়া নোট বন্ধ হৈ যোৱা বুলি উৰা বাতৰি বিয়পি নপৰে।

অৱশ্যে কোনো লোকক ২০০০ টকীয়া নোটৰ প্ৰয়োজন হ’লে এ টি এমৰ সলনি বেংকৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰিব পাৰিব।