NORTHEAST NOW (Assamese)
Popular Stories

SBIৰ দেৱালী ধামাকা; লাভ কৰক ১ লাখ টকা পৰ্যন্ত ‘মেগা’ অ’ফাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2019 12:45 pm
SBI

উত্‍সৱৰ বতৰত দেশৰ প্ৰধান বেংক SBI-এ গ্ৰাহকৰ বাবে লৈ আনিছে ‘ইণ্ডিয়া কা দেৱালী’ অ’ফাৰ। এই অফাৰৰ অধীনত SBIৰ গ্ৰাহকসকলে কাপোৰ, ইলেকট্ৰ’নিক্স, গ্ৰচাৰী, ডাইনিং, জুৱেলাৰীৰ ক্ষেত্ৰত লাভ কৰিব পাৰিব আকৰ্ষণীয় ডিচকাউণ্ট।

অহা ৩০ অক্টোবৰলৈকে থাকিবলগীয়া এই অ’ফাৰৰ জৰিয়তে বেংকটোৱে তেওঁলোকৰ ক্ৰেডিট কাৰ্ড থকা গ্ৰাহকক প্ৰত্যেকটো ক্ৰয়ত কেশ্ববেক আৰু ডিচকাউণ্ট প্ৰদান কৰিছে।

মেগা প্ৰাইজ, hourly prize(ঘণ্টাত), daily prize(দৈনিক), weekly prize(সাপ্তাহিক) হিচাপত উক্ত অ’ফাৰ সমূহ আগবঢ়োৱা হৈছে।

মেগা প্ৰাইজ অ’ফাৰৰ অধীনত SBI ক্ৰেডিট কাৰ্ডৰ জৰিয়তে সলকলোতকৈ অধিক খৰছ কৰা ১২জন গ্ৰাহকে লাভ কৰিব MakeMyTrip ১ লাখ টকা মূল্যৰ হলিডে’ ভাউচাৰ। ইয়াৰ উপৰি থাকিব Xiaomi স্মাৰ্টফোন, স্মাৰ্ট ডিভাইচ আৰু বহুতো আকৰ্ষণিয় উপহাৰ।

ঘণ্টাৰ ভিত্তিত উপহাৰৰ ক্ষেত্ৰত ৫০জন গ্ৰাহকে পিউমাৰ পৰা ১০০০টকাৰ উপহাৰ কুপন লাভ কৰিব। ডেইলী প্ৰাইজৰ ক্ষেত্ৰত দৈনিক ১০জন লোকে ৬,৯৯৯টকাৰ ৱায়াৰলেছ হেডফোন পাব। উইকলী প্ৰাইজৰ ক্ষেত্ৰত প্ৰতি সপ্তাহত ২০জন লোকে ১৭,৪৯৯টকা মূল্যৰ Mi A3 স্মাৰ্টফোন পাব।

একেদৰে এই অফাৰৰ অধীনত বজাৰ কৰিলে লাভ কৰিব পাৰিব ২০শতাংশ পৰ্যন্ত ৰেহাই তথা ৬০০০টকালৈকে কেশ্ববেকৰ সুযোগ।