NORTHEAST NOW (Assamese)
Popular Stories

কৰ্তব্যত গাফিলতি; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকক চাকৰিৰ পৰা নিলম্বন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 10, 2020 9:56 am
Entrance-of-Kaziranga-National-Park Wildlife activists upset with possibilities of appointment of tainted IFS official as Kaziranga National Park director

বিভাগীয় কৰ্তব্যত কৰা অৱহেলা আৰু অনিয়মিত উপস্থিতিৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা০ দেৱমোহন শইকীয়াক।

শনিবাৰে ছুৱাইন ফিভাৰ সম্পৰ্কত কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত এই কথা ব্যক্ত কৰে পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই। তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিয়া বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

জেষ্ঠ পশু চিকিৎসক ডা০ দেৱ মোহন শইকীয়াই বিগত সময়ছোৱাত বন পশু চিকৎসক হিচাবে কৰ্মৰত আছিল।

কিন্তু বিগত কাৰ্যকালত নিজৰ কৰ্মৰ প্ৰতি কৰা অৱহেলা আৰু অনিয়মিত উপস্থিতিৰ বাবে জ্যেষ্ঠ পশু চিকিৎসকজনক একাধিক বাৰ কাৰণ দৰ্শোৱাৰ জাননী আৰু কঠোৰ নিৰ্দেশো দিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

ছোৱান ফিভাৰ সংক্ৰমণৰ বাবেও কাজিৰঙালৈ আহিবলৈ ডা০ শইকীয়াক কোৱা হৈছিল যদিও নিজৰ কাৰ্যত অনুপস্থিত আছিল পশু চিকিৎসক গৰাকী।

চিকিৎসক গৰাকীৰ এনে আচৰণৰ বাবেই তেওঁক চাকৰিৰ পৰা অব্যাহতি দি আন এজনক নিযুক্তি দিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে পশু চিকিৎসা বিভাগক অনুৰোধ জনাইছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত অৱশেষত শনিবাৰে মন্ত্ৰী অতুল বৰাই পশু চিকিৎসকজনৰ নিলম্বনৰ কথা ঘোষণা কৰে৷