NORTHEAST NOW (Assamese)
অসম

দৃষ্টিনন্দন: সূৰ্যক বেৰি ধৰিলে ৰামধেনু সদৃশ বলয়ে, দেশৰ ক’ত ঘটিল এই ঘটনা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2021 7:45 pm
hyderabad

মহাকাশৰ পৰিঘটনাসমূহে সকলো মানুহকে আকৰ্ষণ কৰি আহিছে।

২৬ মে’ৰ দিনা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰাৰ পিছত আজি দেশৰ এখন ৰাজ্যত আকাশত উজ্জ্বল ৰূপত উদ্ভাষিত হৈ থকা সূৰ্যক বেৰি ধৰিলে ৰামধেনু সদৃশ দৃষ্টিনন্দন বলয়ে।তেলেংগানাবাসীয়ে আজি এই মহাজাগতিক পৰিঘটনা দেখি বিমুগ্ধ হৈ পৰে।

বিগত সপ্তাহতো বাংগালুৰুৰ বাসিন্দাসকলে এনে এক বিৰল পৰিঘটনা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লভিছিল। আদি দুপৰীয়াৰ ভাগত হায়দৰাবাদকে ধৰি তেলেংগানাৰ বহু লোকে সূৰ্যটোক ৰঙীণ বলয়ে বেৰি থকা দেখিবলৈ পায়।

বৈজ্ঞানিক পৰিভাষাত সূৰ্যৰ এনে পৰিঘটনাক কোৱা হয় ২২ ডিগ্ৰী হেল’।কেৱল সূৰ্যৰ ক্ষেত্ৰতে নহয়, চন্দ্ৰৰ ক্ষেত্ৰতো এনে পৰিঘটনা সংঘটিত হোৱা দেখা যায়। দৰাচলতে সূৰ্যৰ পৰা নিৰ্গত হোৱা বগা পোহৰ (সকলো ৰঙৰ সংমিশ্ৰণত হোৱা ৰং) আকাশৰ বহু ওপৰত থকা চিৰাছ মেঘৰ মাজেৰে পাৰ হৈ আহে।

চিৰাছ মেঘত জমা হৈ থকা বৰফৰ কণিকা সমূহত ২২ ডিগ্ৰী হেলনীয়াকৈ সেই পোহৰ পৰিলে সূৰ্যটোৰ চাৰিও ফালে সুন্দৰ বলয়ৰ সৃষ্টি হয়।

২০২০ চনত তামিলনাডুৰ ৰামেশ্বৰমতো সূৰ্যৰ এনে বলয় দেখিবলৈ পোৱা গৈছিল।