NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত লোহা চোৰ তাৰিক আহমেদ আৰু ৰুবুল আহমেদ নামৰ দুজনক নতুনকৈ গ্ৰেপ্তাৰ : পুখুৰীত ওলাইছে বহু টন চুৰি লোহা

Posted by: অনন্ত স্মিথ March 27, 2018 10:13 pm
LohaSor

শিৱসাগৰত অব্যাহত আছে লোহা চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত চলা এই অভিযানত আজি আৰু দুজন কুখ্যাত লোহা চোৰ ধৰা পৰে। লোহা চুৰিত জড়িত থকাৰ অপৰাধত আজি গ্ৰেপ্তাৰ কৰা দুজনৰ নাম হ’ল তাৰিক আহমেদ আৰু ৰুবুল আহমেদ। দুয়োজনকে ৰঙা ঘৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কেইদিন মানৰ পূৰ্বে চহৰখনৰ জয়সাগৰ অঞ্চলৰ কুখ্যাত লোহা চোৰ পৰেশ দাসৰ ঘৰত অভিযান চলাই শিৱসাগৰ আৰক্ষী বহু চুৰি লোহা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এইবোৰ বেছিভাগেই আছিল অ’ এন জি চিৰ পৰা চুৰ কৰা লোহা। ইয়াৰ পিছতে আন আন লোহাৰ গুডামত তালাচী চলাই চোৰাং লোহাৰ সন্ধান পোৱা বুলি জানিবলৈ দিছে শিৱসাগৰ আৰক্ষীয়ে।

লোহা চোৰ পৰেশ দাসৰ ঘৰত অভিযান চলোৱাৰ পিছতে আৰক্ষীয়ে ৰূদ্ৰসাগৰৰ পুখুৰীত পানীৰ তলত লুকুৱাই থোৱা অৱস্থাত বহু টন লোহা উদ্ধাৰ কৰিছিল। তাৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে বণিয়াবাৰীৰ তাৰিক আহমেদ আৰু ৰংঘৰ চাৰি আলিৰ চদৰ আহমদৰ গুডামত অভিযান চলাই বহু টন অবৈধ লোহা জব্দ কৰে। এই প্ৰসংগত আৰক্ষীয়ে তাৰিক আহমেদ আৰু চদৰৰ পুত্ৰ ৰুবুল আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

এই সন্দৰ্ভত আজি আৰক্ষীয়ে শিৱসাগৰ ৰংঘৰ চাৰি আলি আমগুৰিৰ পৰা সোধা-পোছাৰ বাবে ইফটিকাৰ জাহান নামৰ এজন ব্যৱসায়ীকো আটক কৰিছে৷ ইফটিকাৰৰ ভাতৃ আবু জাহানৰ ডেম্পত উদ্ধাৰ হোৱা অ’ এন জি চিৰ লোহা সম্পৰ্কত সোধা-পোছা কৰিবলৈ ব্যৱসায়ীজনক আটক কৰা হৈছে বুলি জনায় আৰক্ষীয়ে৷

মন কৰিব লগীয়া যে যোৱা ২১ মাৰ্চত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাইছিল আবু জাহানৰ ডেম্পত৷ অভিযানকালত ডেম্পটোত ২০ টনৰো অধিক অ’ এন জি চিৰ চুৰি লোহা বুলি সন্দেহ কৰা লোহা উদ্ধাৰ হৈছিল৷ আৰক্ষীৰ অভিযানৰ পাছৰ পৰাই পলাতক আছে ডেম্পৰ মালিক আবু জাহান।

উল্লেখযোগ্য যে শিৱসাগৰৰ ৰূদ্ৰসাগৰৰ অ’ এন জি চিৰ  লোহা গুডামক কেন্দ্ৰ কৰি বিগত বহু দিনৰ পৰা অব্যাহত আছে লোহা চুৰিৰ ৰমৰমীয়া ব্যৱসায়। এই ক্ষেত্ৰত স্থানীয় জয়সাগৰ আৰক্ষী আৰু অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীৰ লোহা চোৰৰ সৈতে গোপন মিতিৰালি থকা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে। কিন্তু আজিলৈকে এই অপৰাধত অ’ এন জি চিৰ কোনো বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ নকৰাটোৱে এই সন্দেহ অধিক ঘনীভূত কৰিছে। জানিব পৰামতে গোটেই জিলাখনত অ’ এন জি চিৰ লোহা চুৰিক কেন্দ্ৰ কৰি কোটি টকীয়া ব্যৱসায় চলি আছে।