NORTHEAST NOW (Assamese)
অসম

১৭ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল বিশ্বকাপৰ ভ্যেনুৰ পৰা বঞ্চিত হোৱাৰ দিশে গুৱাহাটী

Posted by: এন ই নাও নিউজ March 18, 2019 4:38 pm
FIFA

২০২০ চনত দেশত অনুষ্ঠিত হ’ব লগীয়া ফিফা ১৭ বছৰ অনূৰ্ধ্বৰ মহিলা বিশ্বকাপ ফুটবলৰ ভ্যেনুৰ পৰা বঞ্চিত হোৱাৰ পথত ভাৰতীয় ফুটবলৰ প্ৰাণকেন্দ্ৰ উত্তৰ-পূৰ্বাঞ্চল।

উল্লেখযোগ্য যে, ২০১৮ বৰ্ষত অনুষ্ঠিত হোৱা  ১৭ বছৰ অনূৰ্ধ্ব পুৰুষ বিশ্বকাপ প্ৰতিযোগিতাখন দেশৰ লগতে গুৱাহাটীতো সফলভাৱে অনুষ্ঠিত হৈছিল। আনহাতে ২০২০ ত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনত মুঠ ১৬ খন দেশে অংশগ্ৰহণ কৰিব গতিকে এইক্ষেত্ৰত খেলসমূহ অনুষ্ঠিত হোৱা ভ্যেনুৰ সংখ্যাও কমোৱা হৈছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী দলৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ফুটবল সংস্থাই দেশৰ চাৰিটা স্থানত খেলসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই চাৰিটা স্থানৰ ভিতৰত ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰক এইবাৰ প্ৰথম পচন্দৰ ভ্যেনু হিচাপে ৰখা হৈছে কাৰণ ভূৱনেশ্বৰক ভাৰতীয় ফুটবলৰ নতুন ৰাজধানী হিচাপে গঢ় দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰিছে ভাৰতীয় ক্ৰীড়া মন্ত্ৰ্যালয়ে।

আনহাতে, দেশৰ ৰাজধানী নতুন দিল্লী, ক’লকাতা আৰু কোচি ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পচন্দৰ ভ্যেনু হিচাপে আছে। বিগত বিশ্বকাপ প্ৰতিযোগিতাখনত ক’লকাতা আৰু কোচিত গুৱাহাটীৰ তুলনাত দৰ্শকৰ সংখ্যা অধিক আছিল। গুৱাহাটী আৰু গোৱা দৰ্শকৰ উপস্থিতিৰ হিচাপত শেষৰ স্থান লাভ কৰিছিল।

এই দিশলৈ মন কৰিলে আয়োজক সমিতিয়ে গুৱাহাটীতকৈ ক’লকাতা আৰু কোচিক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনাই অধিক আৰু এনেহ’লে দেশৰ ফুটবলৰ ঘৰ উত্তৰ-পূৰ্বাঞ্চল আগশাৰীৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত হ’ব।