NORTHEAST NOW (Assamese)
অসম

বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ March 12, 2022 7:32 pm
Yusuf pathan.png front

আজি বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা, বিস্ফোৰক বেটচমেন ইছুফ পাঠান।

অসম ভ্ৰমণলৈ অহা ক্ৰিকেটা তাৰকাগৰাকী আজি হঠাৎ আহি উপস্থিত হয় শুৱালকুছিত।

শুৱালকুছিত উপস্থিত হৈ পাঠানে ইয়াত উৎপাদিত বস্ত্ৰ শিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগতো মত বিনিময় কৰে।

index1
শুৱালকুছিত ইউছুফ পাঠান। ফটো: নৰ্থইষ্ট নাও।

তেওঁ লগতে মুগাৰ টাই, মুগাৰে উৎপাদিত টুপী,বেল্ট আৰু এৰী কাপোৰ ক্ৰয় কৰে।

ইপিনে, টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ওচৰতে পাই শিপিনীসকল আনন্দিত হৈ পৰে।

index3
শুৱালকুছিত ইউছুফ পাঠান। ফটো: নৰ্থইষ্ট নাও।

আনহাতে, অতি গোপনে শুৱালকুছিত উপস্থিত হোৱা ক্ৰিকেটাৰগৰাকী সংবাদ মাধ্যমৰ পৰা প্ৰায় আঁতৰি থাকে।