NORTHEAST NOW (Assamese)
Popular Stories

গুগল মেপ ব্যৱহাৰ কৰি দুৰ্দশা; পৰিল হিমশীতল নদীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 5:12 pm
Google map

বৰ্তমান সময়ত বিশ্বৰ বেছিভাগ লোকে বিভিন্ন স্থান তথা পথৰ সন্ধানৰ বাবে নিজৰ স্মাৰ্টফোনত গুগল মেপ ব্যৱহাৰ কৰে।

গুগল মেপে সুন্দৰকৈ স্মাৰ্টফোনতে ব্যৱহাৰকাৰীক পথৰ লগতে নিৰ্দিষ্ট স্থানৰ নিৰ্দেশনা প্ৰদান কৰে। এই সেৱা সঠিকভাৱে প্ৰদান কৰাৰ বাবে গুগল মেপ সময়ে সময়ে নিজে নিজে আপগ্ৰেড হৈ আহিছে।

অলপতে গুগলে এই এপটোৰ ১৫ সংখ্যক জন্মদিন পালন কৰে। মানুহে এই উপলক্ষ্যে গুগলক ধন্যবাদেৰে ওপচাই পেলালেও আমেৰিকাৰ এগৰাকী ব্যক্তিয়ে গুগলৰ প্ৰতি গভীৰ অভিযোগ আনিছে।

ব্যক্তি গৰাকীয়ে উল্লেখ কৰা মতে, তেওঁ গুগল মেপত হিমশীতল মিছিছিপি নদী খোজকাঢ়ি পাৰ হোৱাৰ বাবে নিৰ্দেশনা লাভ কৰিছিল।

স্থানীয় বাতৰিত উল্লেখিত বাতৰি অনুসৰি ঘটনাটো নিশা ৩ বজাত সংঘটিত হৈছিল।

আমেৰিকাৰ ব্যক্তিগৰাকীয়ে হিমশীতল মিছিছিপি নদীৰ মাজেৰে খোজকাঢ়ি গৈ ভাগৰি পৰে আৰু তিনিবাৰ পৰি যাবলগীয়া হয়।

পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰা হয় আৰু কিয় এনে কৰিছিল বুলি সোধাত তেওঁ গুগল মেপত হিমশীতল মিছিছিপি নদী খোজকাঢ়ি পাৰ হ’ব পৰা যায় বুলি নিৰ্দেশনা লাভ কৰিছিল বুলি উল্লেখ কৰে।

বাতৰিটোত ঘটনাটো আমেৰিকাৰ ষ্টোন আৰ্ক দলঙৰ সমীপত সংঘটিত হৈছিল বুলি কোৱা হৈছে।

পৰৱৰ্তী সময়ত সুস্থ হৈ উঠা ব্যক্তি গৰাকীয়ে তেওঁৰ এই দুৰৱস্থাৰ বাবে গুগল মেপৰ ভুল নিৰ্দেশনাক জগৰীয়া কৰে।

উল্লেখযোগ্য যে, গুগল মেপ সময়ে সময়ে আপগ্ৰেড হৈ থকাৰ পৰিপ্ৰেক্ষিতত মাজে সময়ে কৰোবাত পথ বন্ধ আছেনে নাই এনেকুৱা ধৰণৰ তথ্য সঠিকভাৱে উপস্থাপন নহয় বুলি জানিব পৰা গৈছে।