NORTHEAST NOW (Assamese)
Popular Stories

এয়াৰ এছিয়াৰ ১০১৪ টকীয়া ভেলেণ্টাইন ডে’ৰ বিশেষ অফাৰ; ১.৪ লাখ টিকট বুকিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 5:13 pm
AA17H_06136_07-copy-916x516

এয়াৰ এছিয়াই ঘোষণা কৰিছে ভেলেণ্টাইন ডে’ৰ ৪ দিনীয়া বিশেষ অ’ফাৰ। ভেলেণ্টাইন ডে’ উপলক্ষে বিমান পৰিৱহন প্ৰতিষ্ঠানটোৱে মাত্ৰ ১০১৪ টকাৰ পৰা টিকটৰ মূল্য যাত্ৰীসকলৰ বাবে আগবঢ়াইছে এই বিশেষ অ’ফাৰৰ অধীনত।

অহা ১৪ ফেব্ৰুৱাৰিলৈকে এই বিশেষ অ’ফাৰৰ অধীনত যাত্ৰীসকলে টিকট বুকিং কৰিব পাৰিব বুলি বিমান পৰিবহন প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে।

চলিত মাহৰ ১৪ ফেব্ৰুৱাৰিৰ পৰা ২০২০ চনৰ ছেপ্টম্বৰ মাহৰ ৩০ তাৰিখলৈকে এই বিশেষ অ’ফাৰৰ অধীনত বুকিং কৰা টিকটৰ দ্বাৰা যাত্ৰীসকলে ভ্ৰমণৰ সুবিধা লাভ কৰিব।

ইতিমেধ্য এয়াৰ এছিয়াই ভেলেণ্টাইন ডে’ৰ বিশেষ অ’ফাৰৰ অধীনত যোৱা ১৫ দিনত প্ৰায় ১.৪০ লাখৰো অধিক অগ্ৰিম টিকট বুক হোৱা বুলি টুইটাৰ যোগে জানিবলৈ দিছে।

বিমান প্ৰতিষ্ঠানটোৰ চি চি অ’ অনুৰাগ গাৰ্গে এয়াৰ এছিয়াৰ অফিচিয়েল টুইটত আৰু কয় যে “এয়াৰ এছিয়া ইণ্ডিয়াই যাত্ৰীসকলক আনন্দদায়ক অভিজ্ঞতা প্ৰদানৰ বাবে এই অ’ফাৰ আগবঢ়াইছো। আৰু আমি যাত্ৰীসকলক তেওঁলোকৰ প্ৰিয়জনৰ সৈতে আনন্দদায়ক অভিজ্ঞতাক উদযাপন কৰা তথা এই অভিজ্ঞতাক প্ৰিয়জনক উপহাৰ হিচাপে আগবঢ়োৱাৰ সুযোগ আগবঢ়াবলৈ তৎপৰ হৈছো”।

ইফালে আন এটা বিমান প্ৰতিষ্ঠান ইণ্ডিগ’ৱেও ভেলেণ্টাইন ডে’ উপলক্ষে ৪ দিনীয়া ভেলেণ্টাইন ডে’ বিশেষ অ’ফাৰ আগবঢ়াইছে।

৯৯৯ টকাৰ পৰা টিকটৰ মূল্য আৰম্ভ কৰা বিমান প্ৰতিষ্ঠানটোৱে যোৱা ১১ ফেব্ৰুৱাৰিৰ পৰা অহা ১৪ ফেব্ৰুৱাৰিলৈকে প্ৰায় ১ মিলিয়ন টিকট বুকিঙৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে যে চলিত বৰ্ষৰ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই বিশেষ ভেলেণ্টাইন ডে’ অ’ফাৰৰ অধীনত এই বৰ্ষৰ ৩০ ছেপ্টম্বৰলৈকে  যাত্ৰীসকলে উৰণৰ সুবিধা লাভ কৰিব পাৰিব।

ইফালে গ’এয়াৰে ভেলেণ্টাইন ডে’ৰ অ’ফাৰ হিচাপে ফুকেট্ আৰু বেংককলৈ ফ্লাইটৰ টিকট বিশেষ অ’ফাৰ হিচাপে আগবঢ়াইছে।

উল্লেখ্য যে চলিত বৰ্ষৰ্ ১৩ ফেব্ৰুৱাৰিৰ পৰা মাৰ্চ মাহৰ ৩১ তাৰিখলৈ এই বিশেষ অ’ফাৰৰ অধীনত যাত্ৰীসকলে ভ্ৰমণৰ সুবিধা লাভ কৰিব।