NORTHEAST NOW (Assamese)
Popular Stories

এই গৰাকী ছোৱালীক বিয়া পাতক আৰু লাভ কৰক সোণৰ গাড়ীৰ সৈতে ১,০০০ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 4:35 pm
Golden Car

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জঙক সমগ্ৰ বিশ্বই এগৰাকী একনায়কত্ববাদী শাসক হিচাপে জানে।

কিমে প্ৰায়ে বিভিন্ন ধৰণৰ আচহুৱা আচৰণৰ বাবে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে।

কিন্ত এইবাৰ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অন্য এটা কাৰণতহে বাতৰিৰ শিৰোনামা লাভ কৰিছে।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এইবাৰ নিজৰ ভনীয়েকৰ বিয়াৰ বাবে দৰাৰ সন্ধান কৰিছে।

আন্তঃৰাষ্ট্ৰীয় খবৰ অনুসৰি কিমে ভনীয়েকক বিয়া কৰাবলগীয়া ল’ৰাৰ বাবে যৌতুকৰ তালিকাও ঘোষণা কৰিছে।

কিমৰ ভনীয়েকক বিয়া কৰাব বিচৰা ল’ৰাই বিয়াত যৌতুক হিচাপে লাভ কৰিব এখন সোণৰ গাড়ী আৰু ১,০০০ কোটি টকা।

কিন্তু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এই যৌতুক এনেই নিদিয়ে ইয়াৰ বাবে তেওঁ কিছুমান চৰ্ত ৰাখিছে।

একনায়কত্ববাদী শাসক কিম জং উনে ভনীয়েকৰ পাত্ৰৰ বাবে ৰখা চৰ্ত সমূহ হ’ল-

১) ল’ৰাৰ উচ্চতা ৫ ফুট ১০ ইঞ্চিত কৈ অধিক হ’ব নোৱাৰিব।

২) ল’ৰাৰ পূৰ্বতে কোনো ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থাকিব নোৱাৰিব।

৩) ল’ৰাৰ ওজন ৭৫ কেজি হ’ব লাগিব আৰু ছিক্স পেক এবছ থাকিব লাগিব।

এতিয়া ভাবক এনেধৰণৰ উপযুক্ত পাত্ৰ ক’ত পাব বাৰু পালেই এই একনায়কত্ববাদী শাসকৰ ভনীয়েকক কোনে বিয়া কৰাব যাব।