NORTHEAST NOW (Assamese)
অসম

‘কাৰাগাৰৰ ভিতৰৰ মোৰ গা ধোৱা ঘৰত কেমেৰা স্থাপন কৰা হৈছিল’; পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ কন্যাৰ ৰাজহুৱা সভাত বিস্ফোৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 6:27 am

ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা মাৰিয়াম নাৱাজ।

মাৰিয়াম নৱাজ কাৰাগাৰত থকাৰ সময়ত তেওঁৰ কাৰাগাৰৰ কোঠাত আৰু গা ধোৱা ঘৰতো কাৰাগাৰ কৰ্তৃপক্ষই কেমেৰা স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তান মুছলিম লীগ-নাৱাজ(পি এম এল-এন)ৰ উপ-সভাপতি মাৰিয়াম নৱাজে।

‘‘মই দুবাৰকৈ কাৰাবাস খাটিছো আৰু যদি মই কাৰাগাৰৰ ভিতৰত কেনেদৰে মহিলাক ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে মুখ খোলো তেন্তে কাৰাগাৰ কৰ্তৃপক্ষৰ মুখ দেখুওৱাৰ সাহস নহ’ব,’’ পাকিস্তান চৰকাৰৰ কুকীৰ্তি উল্লেখ কৰি এখন ৰাজহুৱা সভাত এইদৰে কয় নৱাজ শ্বৰীফৰ কন্যাই।

মাৰিয়াম নাৱাজে সভাত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানকো তীব্ৰ সমালোচনা কৰি তেওঁ বাহঃ বাহঃ নহয় জোটা পোৱাৰহে যোগ্য বুলি কয়।

আনহাতে, কিছুদিন পূৰ্বে মাৰিয়াম নাৱাজৰ পিতৃ নৱাজ শ্বৰীফে পাকিস্তানৰ মুখ্য সেনাধ্যক্ষ বাজোৱাক সমালোচনা কৰি বাজোৱাই তেওঁৰ চৰকাৰ ভংগ কৰাত ইমাৰণ খানক সহায় কৰিছিল বুলি সমালোচনা কৰিছিল।