NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাৰ গুলীত শ্বহীদ অসমৰ বীৰ জোৱান হাৰাধন চন্দ্ৰ ৰয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 7:41 am
Army-1-703x375

উত্তৰ কাশ্মীৰৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত শুকুৰবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীত শ্বহীদ হয় অসমৰ বীৰ জোৱান হাৰাধন চন্দ্ৰ ৰয়।

হাৰধন ৰয়ৰ ঘৰ ধুবুৰী জিলাৰ চাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধিপাৰাত।

উল্লেখ্য যে শুকুৰবাৰে ৰণক্ষেত্ৰত পৰিণত হৈ পৰে কাশ্মীৰ উপত্যকা।

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ সেনাই উত্তৰ কাশ্মীৰৰ কেইবা ঠাইতো গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ ফলত  ৪ জন ভাৰতীয় জোৱানৰ লগতে আন ৪ জন অসামৰিক লোকৰ মৃত্যু ঘটে।

কাশ্মীৰৰ বাৰামুলাৰ নাম্বালা ছেক্টৰত পাক সেনাই অপ্ৰৰোচিতভাবে গুলীচালনা কৰাৰ ফলত দুজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটে।

হাজী পীৰ ছেক্টৰত পাক সেনাৰ আক্ৰমণত মৃত্যু ঘটে বিএছএফৰ এজন বিষয়াৰ।

হাজীপুৰ ছেক্টৰৰ আক্ৰমণৰ ঘটনাত এগৰাকী অসামৰিক মহিলাৰ মৃত্যু ঘটে লগতে এজন সেনা জোৱানো শ্বহীদ হয়।

একেদৰে বাৰামুলা জিলাৰ উৰি ছেক্টৰত দুজন অসামৰিক লোকৰ মৃত্যু ঘটে।কামালকোটা ছেক্টৰত মৃত্যু ঘটে আন এজন অসামৰিক লোকৰ।

ভাৰতীয় সেনাৰ মুখপাত্ৰ ৰাজেশ কালিয়াই প্ৰকাশ কৰা মতে পুৱাৰ ভাগত পাকিস্তানৰ সেনাই  গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ পিছতে ভাৰতীয় সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিয়ে। ফলত পাক সেনাৰ কমেও ১০ জন জোৱান নিহত হয়।

দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে। এই ঘটনাত কেইবাজনো ভাৰতীয় সেনাৰ জোৱান আহত হয়।