NORTHEAST NOW (Assamese)
অসম

৩০ নৱেম্বৰত দৃশ্যমান হব বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ, ভাৰতত কেতিয়া আৰম্ভ হব গ্ৰহণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 29, 2020 4:24 pm
a moon-story

বছৰটোৰ চতুৰ্থ তথা অন্তিম চন্দ্ৰগ্ৰহণ ৩০ নৱেম্বৰ অৰ্থাৎ কাইলৈ দৃশ্যমান হব।

এই চন্দ্ৰগ্ৰহণক উপছায়া চন্দ্ৰগ্ৰহণ বুলি কোৱা হৈছে।ভাৰতৰ পৰা এই গ্ৰহণ সুন্দৰ ভাবে দেখা যাব।

ভাৰতত গ্ৰহণ আৰম্ভ হব বিয়লি ১.০৪ বজাত।গ্ৰহণৰ মধ্যম অৱস্থা প্ৰাপ্ত হব দিনৰ ৩.১৩ বজাত।একেদৰে গ্ৰহণ সমাপ্ত হব বিয়লি ৫.২২ বজাত।

ধৰ্মীয় দিশৰ পৰা এই উপছায়া চন্দ্ৰগ্ৰহণক বিশেষ মান্যতা দিয়া নহয় যদিও গ্ৰহণৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে।

গ্ৰহণৰ সময়ছোৱাত চন্দ্ৰটো গ্ৰাস হোৱাৰ পিছতে বেছ কিছু সময়ৰ বাবে আন্ধাৰে বিৰাজ কৰিব।

এইবাৰৰ চন্দ্ৰগ্ৰহণ উপছায়া চন্দ্ৰগ্ৰহণ হোৱাৰ বাবে শাস্ত্ৰ অনুসৰি ইয়াক গ্ৰহণ হিচাপে মানি লোৱা নহয় আৰু এই সময়ছোৱাত ধৰ্মীয় কামকাজত কোনো বাধা নাথাকে।

চন্দ্ৰ গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে চন্দ্ৰটো পৃথিৱীৰ উপছায়াত প্ৰৱেশ কৰিব। যেতিয়া চন্দ্ৰ পৃথিৱীৰ বাস্তৱিক ছায়াৰ ভিতৰত প্ৰৱেশ নকৰাকৈয়ে বাহিৰলৈ ওলাই আহে তেতিয়া তাকেই উপছায়া চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।

উল্লেখ্য চলিত বৰ্ষৰ আন তিনিটা চন্দ্ৰ গ্ৰহণ হৈছিল ক্ৰমে ১০ জানুৱাৰী,৫ জুন আৰু ৫ জুলাইত।

জ্যোতিষীসকলৰ মতে চন্দ্ৰগ্ৰহণৰ সময়ত উৰ্বৰতা, মানৱ দেহত ছালৰ ৰোগ, হজম শক্তি তথা চকুৰ ওপৰত প্ৰভাৱ পৰাৰ কথা বিশ্বাস কৰা হয়।

সেয়ে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।