NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ ফলত গভীৰ লোকচানত ক্ষুদ্ৰ চাহ খেতিয়ক; ৰাজসাহায্য প্ৰদানৰ দাবী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 9, 2020 3:32 pm

ক’ৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত চলি থকা ল’কডাউনৰ ফলত বিমোৰত পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। তেওঁলোকে এতিয়া মূল্যবান চাহপাত সমূহ সময়ত চিঙিব নোৱাৰাত অনিচ্ছা সত্ত্বেও কলম দিবলৈ বাধ্য হৈছে।

যোৰহাট জিলাৰ টীয়কত ফেক্টৰীসমূহ বন্ধ হৈ থকাৰ ফলত বহু ক্ষুদ্ৰ চাহ খেতিয়কে বিঘাই বিঘাই চাহ গছৰ পাত চিঙিব নোৱাৰি গভীৰ লোকচানৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ সংকট নামি অহাতো নিশ্চিত।

ইয়াৰ উপৰি ল’কডাউনৰ বাবে ব্যৱসায় বন্ধ হৈ আছে যদিও তেওঁলোকৰ ক্ষুদ্ৰ বাগানসমূহত নিয়োজিত শ্ৰমিক পৰিয়ালসমূহক ৰেচন যোগান ধৰিবলগীয়া হৈছে, ফলত কোনোমতে নিজৰ পৰিয়ালক পোহপাল দি অহা একাংশ ক্ষুদ্ৰ চাহ ব্যৱসায়ী গভীৰ আৰ্থিক সংকটত পৰিছে।

সেয়ে অসমৰ এই গুৰুত্বপূৰ্ণ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক কিছু ৰাজসাহায্য প্ৰদান কৰি সকাহ দিয়াৰ দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।