NORTHEAST NOW (Assamese)
অসম

দৰিদ্ৰ লোকক সাহায্য দি ছেল্ফি ল’লে হ’ব লাগিব শাস্তিৰ সন্মুখীন, কোনে ল’লে এই সিদ্ধান্ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 6:56 pm
kota-help

স্বাভাৱিকতেই দৰিদ্ৰ লোকক সাহায্য দিয়াৰ নামত ছেল্ফি তোলা লোকসকলে সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম উলংঘা কৰিছে।

সেয়েহে, দৰিদ্ৰ লোকক সহায় কৰাৰ সময়ত তেওঁলোকৰ সৈতে ছেল্ফি তোলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজস্থানৰ কোটা জিলা প্ৰশাসনে।

জিলাখনৰ জিলা প্ৰশাসকে স্পষ্ট কৰিদ দিছে যে ছেল্ফি তোলাৰ সময়ত বহু লোকে সামাজিক দূৰত্ব বজাই ৰখাৰ কথাটো পাহৰি গৈছে। সেয়েহে, ছেল্ফি তোলাত জিলা প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে।

লকডাউনৰ সময়ত বহুতে দৰিদ্ৰ লোকক খোৱা সামগ্ৰী দিছে বা কেতিয়াবা দৰিদ্ৰজনক ফলমূলো দান কৰিছে।

কিন্তু সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এনে হাজাৰ-বিজাৰ ছবি য’ত দেখা গৈছে যে কাৰোবাক সাহায্য কৰিবলৈ গৈ ছবি উঠাটোৱে যেন মুখ্য হৈ পৰিছে।

ইয়াৰ ফলত দান কৰা দৰিদ্ৰ লোকসকলে সন্মুখীন হ’বলগা সমস্যাৰ কথা কোনেও চিন্তা কৰা নাই। মহামাৰীৰ এই কৰাল গ্ৰাসৰ মুহূৰ্তত ছবি তোলাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ বিষয়টো এৰাই চলা হৈছে।

স্বাভাৱিকতেই একাংশ লোকৰ ছবি তুলি দান দিয়াৰ অত্যুৎসাহী প্ৰৱণতাই কৰ’না ভাইৰাছ সংক্ৰমণৰ শংকাও বৃদ্ধি কৰিছে। ছচিয়েল মিডিয়াত নিজকে তুলি ধৰাৰ বাসনাই কৰ’না ভাইৰাছ প্ৰতিৰোধত বাধাৰহে সৃষ্টি কৰিছে।

এনে এক পৰিস্থিতিত ৰাজস্থানৰ কোটা প্ৰশাসনে এক দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰিছে। কোটা জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে দৰিদ্ৰ লোকসকলক সাহায্য দিয়াত কোনো বাধা নাই। পিচে, খাদ্যবস্তু দান দিয়াৰ সময়ত কোনো কাৰণে ছেল্ফি তুলিবলৈ দিয়া নহ’ব।

তদুপৰি, দান দিয়াৰ সময়ত লোকসকলে নিয়ম অনুসৰি সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক। প্ৰশাসনৰ স্পষ্ট মত যে দান দিয়ক কিন্তু দেখুৱাবলৈ নহয়।