NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছ : ২৫ কোটি প্ৰদানৰ পিছত এইবাৰ ব্যতিক্ৰমী অভিযানত অক্ষয় কুমাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 7:18 pm
Akshay Kumar

ভাৰতত ধাৰাবহিকভাৱে বৃদ্ধি পাই আছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। এই মহামাৰী ভাইৰাছবিধে বাৰুকৈয়ে চিন্তাত পেলাইছে ভাৰতৰ লগতে সমগ্ৰ বিশ্বক।

ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি বলৱৎ কৰা হৈছে লকডাউন। এই জটিল সময়ত দিনে নিশাই ব্যস্ত হৈ আছে আৰক্ষী, চিকিৎসক, চৰকাৰী বিষয়া তথা বিভিন্ন জৰুৰীকৰ্মত নিয়োজিত লোকসকল।

সংকটৰ সময়ত দেশ সেৱাত ব্ৰতী থকা এই সকল লোকৰ বাবে পুনৰ আগবাঢ়ি আহিছে বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। অভিনেতাগৰাকীয়ে এই সকল যোদ্ধাক ধন্যবাদ জ্ঞাপন কৰি সমাজৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰিছে।

অভিনেতাগৰাকীয়ে নিজৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি কয় যে মই মোৰ মোৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষী, নগৰ নিগমৰ কৰ্মচাৰী, চিকিৎসক, নাৰ্চ, চৰকাৰী বিষয়া তথা এনেধৰণ্‌ কামত নিয়োজিত লোকসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

অক্ষয় কুমাৰে এই টুইটোত নিজৰ নাম আৰু ঠিকনাও উল্লেখ কৰিছে। অক্ষয়ৰ এই বিশেষ টুইটো বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে খিলাড়ী কুমাৰ অক্ষয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা প্ৰদান কৰিছিল।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে ভাৰতত এ্‌ই পৰ্যন্ত ৫,৭৩৪ গৰাকীৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ১৬৬ গৰাকী লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে জনোৱা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ৰ’নাৰ বাবে ১৭ গৰাকী লোকৰ মৃত্যু হয়।