NORTHEAST NOW (Assamese)
অসম

মুম্বাইৰ ৫০০০ লোকক খাদ্য সামগ্ৰী যোগান ধৰিব শচীন টেণ্ডুলকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 9:25 pm
Sachin 10dulkar

ল’কডাউনৰ সময়ত জন্মস্থান মুম্বাইৰ লোক সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ক্ৰিকেটৰ জীৱন্ত কিংবদন্তি শচীন টেণ্ডুলকাৰ।

শচীন টেণ্ডুলকাৰে আপনালয় নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত মুম্বাইৰ শিৱাজী নগৰৰ ৫০০০ গৰাকী লোকৰ এমাহৰ খোৱাৰ খৰছ বহন কৰিব।

জানিব পৰা মতে, শচীনে স্বেচ্ছাসেৱী সংগঠনটোক আৰ্থিক সহযোগিতা আগবঢ়াব আৰু স্বেচ্ছাসেৱী সংগঠনটোৱে শচীনৰ আৰ্থিক সহযোগিতাৰে লোক সমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব।

ইয়াৰ পূৰ্বেও ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে প্ৰধান মন্ত্ৰী সাহায্য পুজি আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ ৫০ লাখ টকাৰ সাহায্য আগবাঢ়াইছিল।

শচীন টেণ্ডুলকাৰৰ উপৰিও সুনীল মনোহৰ গাভাস্কাৰ, যুৱৰাজ সিং, সুৰেশ ৰাইনা, ৰোহিত শৰ্মা, গৌতম গম্ভীৰ, মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী আদি ভাৰতীয় দলৰ প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰলৈ সাহায্য আগবঢ়াইছে।