NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ধনশিৰি নদীত বন্ধুৰ সৈতে গা ধুবলৈ গৈ কিশোৰ নিখোজ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 11, 2020 3:45 pm

ল’কডাউন চলি থকাৰ মাজতে আজি বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ সমীপৰ ধনশিৰি নদীত গা ধুবলৈ গৈ এজন কিশোৰ নিখোজ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিশোৰজনক অঞ্চলটোৰ কুঁহিয়াৰ বাৰী গাঁৱৰ ৰাজু তাঁতীৰ পুত্ৰ অজিত তাঁতী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে আন ৭ জন বন্ধুৰ লগত ধনশিৰি নদীত গা ধুবলৈ গৈ নৈৰ বুকুত নিখোজ হয় অজিত তাঁতী। পানীত নামি গা ধুবলৈ যোৱা অজিত পানীত বুৰ গৈ ওলায় নহাত লগৰ কিশোৰসকলে তেওঁক উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়।

পিছত তেওঁলোকে গৈ ঘৰত খবৰ দিয়াত অজিতৰ সন্ধানত ধনশিৰি বুকুত স্থানীয় লোকে অভিযান আৰম্ভ কৰে। ইফালে বোকাখাত আৰক্ষীৰ লগতে গোলাঘাটৰ পৰা অহা এছ ডি আৰ এফ বাহিনীয়েও অভিযান চলাই আছে যদিও বাতৰি যুগুত কৰা সময়লৈকে অজিতৰ কোনো সন্ধান পোৱা নাই।