NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা অসমৰ কিছু সংখ্যক চাহ বাগিচাত পুনৰ কাম আৰম্ভ; চাহ মজদুৰ সংঘৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2020 8:19 pm
tea-workers-assam-bonus-durga-puja

দেশত অব্যাহত থকা ল’কডাউনৰ বাবে অসমৰ সকলোবোৰ চাহ বাগিচা বন্ধ হৈ আছিল।

কিন্তু কেন্দ্ৰ চৰকাৰে ল’কডাউনৰ আওতাৰ পৰা অসমৰ চাহ বাগিচাসমূহ ৰেহাই দিয়াত শনিবাৰৰ পৰা অসমৰ তিনিখন জিলাৰ কিছুসংখ্যক চাহ বাগিচাত পুনৰ আৰম্ভ হৈছে কাম।

অসমৰ ডিব্ৰুগড়, যোৰাহট আৰু দৰং জিলাৰ কিছু সংখ্যক চাহ বাগিচা শনিবাৰৰ  পৰা পুনৰ কাম আৰম্ভ কৰা হৈছে বুলি উদ্যোগ বিভাগৰ সূত্ৰত প্ৰকাশ।

অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ মতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত কোনো চাহ বাগিচাৰ কৰ্তৃপক্ষ আৰু শ্ৰমিকে কাম কৰিবলৈ বিচাৰিলে জিলা দণ্ডাধীশে সিদ্ধান্ত গ্ৰহণ কৰি অনুমিত প্ৰদান কৰিব পাৰিব।

ইফালে বিষয়টোক লৈ অসমৰ বিভিন্ন মহলত বিতৰ্ক হোৱা দেখা গৈছে। বহুতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী বুলি সমালোচনা কৰা দেখা গৈছে।

আনহাতে অসম চাহ খেতিয়ক সংস্থাৰ অধ্যক্ষা নাজাৰিন আহমেদে সংবাদ মাধ্যমক কয় যে চাহ বাগিচাবোৰক ৫০ শতাংশ কাম(ল’কডাউনৰ সময়ত) কৰাৰ বাবেহে চৰকাৰে অনুমতি প্ৰদান কৰিছে।

অসম চাহ মজদুৰ সংঘ( ACMH)ৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই কয় যে বিশ্ব স্বাস্থ্য সংস্থা আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাৱলীৰ মতে বাগিচাসমূহ পৰিচালিত হ’ব লাগে।

গোৱালাই কয় যে এই নিৰ্দেশনাৱলীৰ মতে সামাজিক দূৰত্ব, চেনিটাইজেশ্যন, হাত ধোৱা আদি অতি প্ৰয়োজন। ল’কডাউনৰ সময়ত বাগিচাসমূহ বন্ধ কৰাৰ লগতে বাগিচাসূহত মানুহ সোমোৱা ওলোৱা সম্পূৰ্ণ বন্ধ নিষিদ্ধ কৰিব লাগে। ACMH ৰ সাধাৰণ সম্পাদক গোৱালাই কয়।

গোৱালাই কয় যে শ্ৰমিকসকলৰ স্বাস্থ্য সম্পৰ্কীয় দিশসমূহ বাগিচাৰ কতৃৰ্পক্ষই কঠোৰভাৱে পালন কৰিব লাগে।

‘বৰাক উপত্যকাৰ কথা নাজানো, কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলে মজুৰী হিচাপে এককালীন আৰ্থিক সাহায্য লাভ কৰিছে।’ গোৱালাই লগতে কয়।