NORTHEAST NOW (Assamese)
অসম

বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৪১ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে ক’ৰ’নাৰ পৰা : চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 5:13 pm
Luv Agrawal

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শেহতীয়া স্থিতি সম্বন্ধে সংবাদমেল সম্বোধন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে দেশত বিগত ২৪ ঘণ্টাত মুঠ ১৪১ গৰাকী ক’ৰ’নাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে বুলি তথ্য দাঙি ধৰে।

সোমবাৰে আগৰৱালে সংবাদমেল সম্বোধন কৰি এয়া ভাৰতৰ ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা ব্যক্তিৰ সৰ্বাধিক সংখ্যা বুলি মত প্ৰকাশ কৰে।

তেওঁ লগতে বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ৭৯৬ গৰাকী ব্যক্তিক ক’ৰ’না প’জিটিভপোৱাৰ লগতে ৩৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে বুলিও কয়।

বৰ্তমানলৈ ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৯০০০ অতিক্ৰম কৰিছে আৰু ৩০০ অধিক লোকৰ মৃত্যু হৈছে।

দেশত এতিয়ালৈ মুঠ ৮৫৭ গৰাকী লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে বুলি আগৰৱালে সংবাদমেলত উল্লেখ কৰে।

আনহাতে, অসমত আজি অন্য এগৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। ধুবুৰীৰ ব্যক্তি গৰাকীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছত ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩০ গৰাকীলৈ বৃদ্ধি পায়।