NORTHEAST NOW (Assamese)
Popular Stories

ইণ্ডোনেছিয়াৰ গাঁৱত মানুহক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে ভূত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 9:37 pm
Indonesia story

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ বাবে ইণ্ডোনেছিয়া চৰকাৰে গাঁৱত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইণ্ডোনেছিয়াৰ কেপুহ গাঁৱত স্বাস্থ্য কৰ্মী সকলে নিশা ঘৰৰ বাহিৰলৈ ওলাই অহা জনসাধাৰণক ঘৰৰ ভিতৰত ৰখাৰ বাবে ভূত নিযুক্ত কৰিছে।

দৰাচলতে, ভূতৰ অভিনয় কৰি নিশা ঘৰৰ বাহিৰত ওলোৱা মানুহক ভয় খুৱাবৰ বাবে গাঁৱখনত কিছু সংখ্যক বিশেষ কৰ্মী নিযুক্ত কৰা হৈছে।

এই কৰ্মী সকলে মুৰৰ পৰা ভৰিলৈ বগা কাপোৰ আৰু মুখত বিভিন্ন আকৃতিৰ মাস্ক পৰিধান কৰি ৰাজুহুৱা স্থানত বহি থাকে আৰু হঠাৎ যিকোনো স্থানৰ পৰা ওলাই আহে।

‘‘এই পদক্ষেপৰ দ্বাৰা গাঁৱখনৰ জনসাধাৰণ ভয়ত নিশা ঘৰৰ বাহিৰলৈ ওলাই নাহিব যাৰ ফলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি হ’ব নোৱাৰিব,’’ এগৰাকী ভূতৰ ভূমিকাত অভিনয় কৰা কৰ্মীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰতৰ লগতে ইণ্ডোনেছিয়াতো ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।

ভাৰতে ইণ্ডোনেছিয়ালৈ হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধ প্ৰেৰণ কৰাৰ বাবেও সিদ্ধান্ত লৈছে।