NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশত পিতৃ-মাতৃয়ে নৱজাতকৰ নাম ৰাখিলে চেনিটাইজাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 5:00 pm
Story-4-5-1140x570

উত্তৰ প্ৰদেশৰ ছাহৰানপুৰ জিলাৰ ওমবীৰ সিং নামৰ এগৰাকী ব্যক্তিয়ে তেওঁলোকৰ নতুনকৈ জন্মলাভ কৰা সন্তানটোৰ নাম চেনিটাইজাৰ ৰাখে।

সন্তানৰ নাম চেনিটাইজাৰ ৰখা সন্দৰ্ভত মত ব্যক্ত কৰি ওমবীৰ সিঙে কয়, ‘‘আমাৰ সন্তানটোৱে ক’ৰ’না ভাইৰাছ মহামাৰীৰ সময়ত জন্মলাভ কৰিছে আৰু আৰু ক’ৰ’না ভাইৰাছৰ সৈতে যুঁদ্ধ কৰাৰ সক্ষমতা আমাৰ সন্তানৰ আছে।’’

‘‘মানুহে প্ৰতি মুহুৰ্ততে ক’ৰ’না ভাইৰাছৰ কথা কৈ আছে, তেওঁলোকে চেনিটাইজাৰ নামটো মনত ৰখা দৰকাৰ কাৰণ চেনিটাইজাৰে মানুহক ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিব,’’ ওমবীৰ সিঙে লগতে কয়।

উল্লেখযোগ্য যে, সন্তানটো জন্মলাভ কৰাৰ পাছতে ওমবীৰ সিং আৰু তেওঁৰ পত্নী মনিকাই তেওঁলোকৰ সন্তানটোৰ নাম চেনিটাইজাৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উত্তৰ প্ৰদেশৰ দম্পত্তীৰ এই সিদ্ধান্তই চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ মুখত হাঁহি বিৰিঙায়।

কিছু দিন পূৰ্বে উত্তৰ প্ৰদেশৰ ৰামপুৰ অঞ্চলৰ এহাল দম্পতীয়ে নিজৰ নতুনকৈ জন্মলাভ কৰা সন্তানটোৰ নাম কোভিদ ৰাখিছিল।