NORTHEAST NOW (Assamese)
অসম

ৰঙালী বিহুৰ দিনাও ডিকম বাগিচাৰ কৰ্তৃপক্ষই কৰ্মত নিয়োজিত কৰিলে শ্ৰমিকক

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী April 14, 2020 7:05 pm
tea-garden-bonus-issue

ক’ৰ’না ভাইৰাছৰ আতংক আৰু দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে ৰাজ্যত আগমণ ঘটিল বাপুতিসাহোন ৰঙালী বিহুৰ।

ল’কডাউনৰ কঠোৰ নিৰ্দশনা মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছু লোকে অনুষ্টুপীয়াকৈ ৰঙালী বিহু উদযাপন কৰা দেখা গৈছে।

এই ৰঙালী বিহু দিনাই উজনি অসমৰ এখন চাহ বাগিচাত এক নাভূত-নাশ্ৰূত দৃশ্য দেখা গ’ল।

উজনি অসমৰ ডিব্ৰুগড় জিলাৰ ডিকম চাহ বাগিচাত আজি ৰঙালী বিহুৰ দিনাও শ্ৰমিকক কামত নিয়োজিত কৰা দেখা গ’ল।

জানিব পৰা মতে বাগিচাৰ শ্ৰমিকসকলক ২১ দিনীয়া  ল’কডাউনৰ সময়ত বাগিচাৰ কৰ্তৃপক্ষই মজুৰী, ৰেচন আৰু স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ফলত বাগিচাখনে বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা বাবে আজি ৰঙালী বিহুৰ বন্ধ দিনটোত শ্ৰমিকসকলে মজুৰীবিহীনভাৱে কৰ্মত নিজকে নিয়োজিত কৰিছে।

ৰাছেল গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰিজৰ ৬৫১ হেক্টৰ ভূমিৰ ডিকম বাগিচাখনত ১,২০০ স্থায়ী শ্ৰমিক আৰু সমপৰিমাণৰ অস্থায়ী শ্ৰমিক আছে। বাগিচাখনে বছৰি প্ৰায় ১২ লাখ কিলোগ্ৰাম চাহ উৎপাদন কৰে।