NORTHEAST NOW (Assamese)
অসম

‘ডাঙৰ মানুহ’ৰ ওপৰত উচ্চ হাৰত কৰ আৰোপৰ নতুন পৰিকল্পনা জো বিডেনৰ; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2021 5:58 pm
WhatsApp-Image-2020-11-08-at-11.56.55-AM-750x375

আমেৰিকাৰ আন্ত:গাঁথনিগত পৰৱৰ্তনৰ বাবে এক অভিলাষী পৰিকল্পনা কৰিছে ৰাষ্ট্ৰপতি জো বিডেনে। ইয়াৰ ফলত ব্যাপক কৰ্মসংস্থাপন সৃষ্টি হ’ব। এই সম্পূৰ্ণ কামটো কৰা হ’ব দেশখনৰ ‘ডাঙৰ মানুহ’ৰ ওপৰত কৰ আৰোপ কৰি।

বিডেনে ঘোষণা কৰিছে যে আমেৰিকাৰ আন্ত:গাঁথনি পুনৰ ঘুৰাই অনাৰ বাবে তেওঁ দুই ট্ৰিলিয়ন ডলাৰ  অৰ্থাৎ প্ৰায় ১০হাজাৰ কোটি টকা খৰচ কৰিব।

পৰৱৰ্তী আঠ বছৰত বিশাল পৰিমানৰ ধন ব্যয় কৰি আমেৰিকাৰ আন্ত:গাঁথনিৰ আমূল পৰিৱৰ্তন কৰিব বিচাৰিছে বিডেনে।

তাৎপৰ্যপূৰ্ণভাৱে বিডেনে এই বিশাল পৰিমানৰ ধনৰাশি দেশখনৰ ডাঙৰ মানুহবোৰৰ ওপৰত কৰৰ হাৰ বৃদ্ধি কৰি যোগাৰ কৰিবলৈ আগবাঢ়িছে।

তেওঁ জানবলৈ দিয়ে যে সাধাৰণ লোকৰ ওপৰত কৰৰ বোজা জাপি দিয়া নহয়। যিসকলৰ আয় চাৰি লাখ ডলাৰ বা তাতকৈ অধিক তেওঁলোকৰ কৰৰ হাৰ ২১শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰা হ’ব।

উল্লেখ্য যে ডোনাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত এনে ধনাঢ্য সকলৰ ওপৰত কৰৰ হাৰ হ্ৰাস কৰিছিল। বিডেনে সেয়া পুনৰ বৃদ্ধি কৰিবলৈ ওলাইছে।

বিডেনৰ মতে এই পৰিকল্পনা হ’ল’ৱানছ ইন এ জেনেৰেশ্যন প্লেন’। ইয়াৰ ফলত ব্যাপক কৰ্মসংস্থাপন বৃদ্ধিৰ লগতে আন্ত:গাঁথনিৰো উন্নতি হ’ব।

বিডেনৰ পৰিকল্পনা অনুসৰি প্ৰায় ২৫হাজাৰ কিলোমিটাৰ পথৰ উন্নয়নৰ লগতে হাজাৰ হাজাৰ দলং নিৰ্মাণ হ’ব। চৰকাৰী পৰিবহন ব্যৱস্থাৰ ব্যাপক উন্নয়ন, বৃহৎ পৰিমানত ইলেকট্ৰিক চাৰ্জি পইন্ট স্থাপনৰ উপৰি পানী যোগান,পাৱাৰ গ্ৰীডৰ উন্নয়নকে ধৰি স্কুল-হাস্পাতাল আদি নিৰ্মাণৰ ব্যাপক প্ৰকল্প গ্ৰহণ কৰা হ’ব।

এই সকলোবোৰৰ বাবে প্ৰয়োজনীয় ধনৰাশি কৰ্পোৰেট কৰ বৃদ্ধিৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব আৰু কৰ ব্যৱস্থাৰ আসোঁৱাহসমূহ দূৰ কৰা হ’ব।