NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক শিৱদ’ল বিষ্ণুদ’লত চুৰিকাৰ্য সংঘটিত কৰা তিনি চোৰক আটক

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 15, 2020 3:25 pm
20200415_144722
অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল শিৱদ’ল বিষ্ণুদ’লত চুৰি কাৰ্য কৰা তিনিটা চোৰ।
শিৱসাগৰ আৰক্ষীয়ে আজি আৰু কালি  অভিযান চলায় আটক কৰে চোৰ তিনিটাক।
উল্লেখ্য যে ল’কডাউনৰ বাবে ২২ মাৰ্চৰ পৰা বন্ধ আছিল দৌলৰ চৌহদ। তিনিওটা দ’লত বন্ধ আছিল পূজা অৰ্চনা।
তাৰেই সুযোগ গ্ৰহণ কৰি  পহিলা ব’হাগৰ দিনা  শিৱদ’লৰ নাটঘৰৰ দুটা দান পাত্ৰ আৰু বিষ্ণুদ’লৰ এটা দান পাত্ৰ ভাঙি চোৰে লুটি নিছিল সমুদায় ধন।
আটক হোৱা চোৰ কেইটা হ’ল ভলুকা দুৱৰা(২০) খাটপথাৰ, নৰেন দত্ত (১৯) লক্ষ্মীনগৰ আৰু হাফিজুৰ ৰহমান (২০) ভিক্ষাৰী পট্টীৰ।
তিনিওটা চোৰকে বৰ্তমান শিৱসাগৰ সদৰ থানাত সোধাপোচা কৰি থকা হৈছে।
শিৱসাগৰ চহৰৰ মাজমজিয়াস্থিত শিৱদ’ল আৰু বিষ্ণুদ’লত সংঘটিত হোৱা চুৰি কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল চৰখনত।
বিশেষকৈ ল’কডাউনৰ সময়ত সমগ্ৰ নগৰত আৰক্ষী আৰু চি আৰ পিএফ বাহিনীয়ে গিজগিজাই থকা অৱস্থাত চোৰে কেনেদৰে চুৰি কাৰ্য সংঘটিত কৰিলে তাকেলৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন ব্যক্তিয়ে।
আনহাতে একাংশই সমালোচনা কৰিছে দৌল উন্নয়ন পৰিষদকো। দৌল চৌহদত  দৌল উন্নয়ন পৰিষদৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী থকাৰ পাছতো কি দৰে চুৰে চুৰি কাৰ্য সংঘটিত কৰিলে আৰু কিয় দৌল চৌহদত চি চি টিভিৰ ব্যৱস্থা কৰা হোৱা নাই বুলি প্ৰশ্ন কৰিছ সচেতন ব্যক্তিসকলে।