NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১ নং দল ভাৰত! অষ্ট্ৰেলিয়াক হৰুৱাই বিৰল অভিলেখ টীম ইণ্ডিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2023 8:12 am

ভাৰতীয় ক্ৰিকেট দলে তিনিওটা ফৰ্মেট – টী-২০, ৱান ডে আৰু টেষ্টত শীৰ্ষ স্থান দখল কৰিছে। ইতিমধ্যে ভাৰতে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া আৰু চুটি ফৰ্মেটৰ বাবে ট্ৰফী লাভ কৰিছে। শুকুৰবাৰে মোহালীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সহজ জয়লাভ কৰি ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক চেৰ পেলাই এক নম্বৰ স্থান দখল কৰে।

আইচিচিৰ তথ্য অনুসৰি এদিনীয়াত ভাৰতৰ ৰেটিং পইণ্ট ১১৬। এক নম্বৰলৈ স্থানলৈ উন্নীত হ’ল। দ্বিতীয় স্থানত আছে পাকিস্তান। বাবৰ আজমৰ দলৰ ৰেটিং পইণ্ট ১১৫। তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া (১১১)।

আইচিচি এদিনীয়া ৰেংকিঙৰ চতুৰ্থ স্থানত আছে দক্ষিণ আফ্ৰিকা (ৰেটিং ১০৬)। ইংলেণ্ড পঞ্চম স্থানত আছে (ৰেটিং ১০৬)। নিউজিলেণ্ড ছয় নম্বৰত আছে (ৰেটিং ১০০)। সপ্তম স্থানত আছে বাংলাদেশ (ৰেটিং ৯৪)। শ্ৰীলংকা আছে আঠ নম্বৰত (ৰেটিং ৯২)। নৱম স্থানত আছে আফগানিস্তান (ৰেটিং ৮০)। দশম স্থানত আছে ৱেষ্ট ইণ্ডিজ (ৰেটিং ৬৮)।

বিশ্বকাপৰ পূৰ্বে এছিয়া কাপৰ খিতাপ জয় কৰাটোৱে নিঃসন্দেহে ভাৰতীয় দলটোক অতিৰিক্ত আত্মবিশ্বাস প্ৰদান কৰিছে। অৱশ্যে অষ্ট্ৰেলিয়া শৃংখলাটোক ঘৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে শেষ প্ৰস্তুতিৰ পৰ্যায় হিচাপে গণ্য কৰে টীম ইণ্ডিয়াই।

ভাৰতীয় টীম মেনেজমেন্টে তিনিখন খেলৰ এদিনীয়া শৃংখলাত শেষ মুহূৰ্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ বিচাৰিছে। সেয়েহে ভাৰতীয় নিৰ্বাচকসকলে বিশ্বকাপৰ প্ৰাৰম্ভিক দলত নথকা কেইবাজনো ক্ৰিকেটাৰক এই শৃংখলাৰ দলত অন্তৰ্ভুক্ত কৰিছে।

অৱশ্যে এইক্ষেত্ৰত এটা বিপদো আছে। দৰাচলতে শ্ৰেষ্ঠ দলটোক খেলত নমোৱাৰ পৰিৱৰ্তে পৰীক্ষা-নিৰীক্ষাৰ পথত আগবাঢ়িলে এছিয়া কাপৰ ছুপাৰ ফোৰ ৰাউণ্ডত বাংলাদেশৰ বিৰুদ্ধে যি হৈছিল, ঠিক তেনেকৈয়ে মেচত পৰাস্ত হোৱাৰ সম্ভাৱনাও আছে। তেনে ক্ষেত্ৰত বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ আত্মবিশ্বাসত আঘাত পৰিব পাৰে।

শুকুৰবাৰে মোহালীত ৰবিচন্দ্ৰন অশ্বিনে সহজেই অগ্নি পৰীক্ষাত উত্তীৰ্ণ হয়। এই দুৰ্দান্ত জয়েৰে তিনিখন মেচৰ শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰে ভাৰতে।