NORTHEAST NOW (Assamese)
অসম

Titanic Star Injured: চিকিৎসালয়ত ভৰ্তি টাইটানিকৰ নায়িকা কেট উইন্সলেট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2022 8:59 pm

Titanic Star Kate Winslet hospitalized টাইটানিক’ৰ নায়িকা অভিনেত্ৰী কেট উইন্সলেটক শ্বুটিঙৰ সময়ত ভৰি পিছলি আঘাত পোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ক্ৰোৱেছিয়াত শ্বুটিঙৰ সময়ত তেওঁ বাগৰি পৰে আৰু ভৰিত আঘাতপ্ৰাপ্ত হয়। তেওঁক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কিন্তু কেট বৰ্তমান সুস্থিৰ হৈ আছে। খবৰ অনুসৰি তেওঁ সোনকালেই শ্বুটিঙলৈ উভতি আহিব।

এক বিবৃতিত কোৱা হৈছে, “কেটৰ ভৰি পিছলি গৈছিল আৰু প্ৰডাকশ্যনৰ প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা হিচাপে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।তেওঁ ভালে আছে আৰু এই সপ্তাহতে শ্বুটিংলৈ উভতি আহিব।”

ক্ৰোৱেছিয়াৰ এখন গাঁৱত ‘লী’ ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে। চলচ্চিত্ৰখন ফটোগ্ৰাফাৰ লী মিলাৰৰ জীৱনৰ ওপৰত আধাৰিত।

বৰ্তমান ৪৬ বছৰীয়া কেট উইন্সলেটক এই ছবিখনৰ শীৰ্ষ চৰিত্ৰত দেখা যাব। ছবিখন পৰিচালনা কৰিছে এলেন কুৰাছে।