NORTHEAST NOW (Assamese)
অসম

টীয়কত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ; কাৰাগাৰালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক April 1, 2022 2:56 pm
Teak news pistol seized

যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা অঞ্চলৰ জিতু গগৈ নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক বিনা কাৰণত মাৰপিট কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগৰ ভিত্তিত হাঁহচৰাৰ বিতুপন কলিতা নামৰ এজন যুৱকক পিষ্টলসহ টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰে।

জিতু গগৈৰ অভিযোগৰ ভিত্তিত IPC/91/22 নম্বৰত গোচৰ ৰজু কৰি টীয়ক আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: পদূলি মুখত হেঁপাহৰ ৰঙালী বিহুটি; ঢোল-পেঁপা-বাঁহীৰ শব্দই ৰজনজনাই আছে নিমাইজান

উল্লেখ্য যে অভিযুক্ত বিতুপনে উক্ত পিষ্টলটো ডিমাপুৰৰ এজন বন্ধুৱে তেওঁক থ’বলৈ দিছিল আৰু সুৰামত্ত হৈ উক্ত ঘটনা সংঘটিত কৰিছিল বুলি স্বীকাৰ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে বিতুপন কলিতাৰ মটৰচাইকেলখনো জব্দ কৰিছে।