NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৰ সত্যাগ্ৰহ

Posted by: এন ই নাও নিউজ ,শিৱসাগৰ,বিশ্বনাথ, যোৰহাট Updated by: এন ই নাও নিউজ ,শিৱসাগৰ,বিশ্বনাথ, যোৰহাট April 1, 2022 2:59 pm

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো আছুৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেইবা শতাধিক আছু কৰ্মীয়ে শিৱসাগৰ নগৰৰ মাজেদি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।

ইপিনে পেট্ৰ’ল-ডিজেল সহ প্ৰায় বিলাক সামগ্ৰীৰে মূল্য অত্যাধিক বৃদ্ধি হোৱাত শিৱসাগৰত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।শিৱসাগৰৰ দ’লমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই।

সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ শতাধিক সদস্য তথা বিষয়ববীয়াই মূল্য বৃদ্ধি ৰোধ কৰক, জনতাক শোষণ কৰা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি উত্তাল কৰে পৰিৱেশ ।

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী 

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী l

যোৰহাট ষ্টেডিয়াম পৰা আৰম্ভ কৰি যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে খাদ্য সামগ্ৰী,ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিবাদত এই সত্যাগ্ৰহ l

শতাধিক আছু নেতা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l

অসম চৰকাৰ হাই হাই যোগান বিভাগ হাই হাই আদি শ্ল’গান দি উত্তপ্ত কৰি তোলে যোৰহাটৰ পৰিবেশ l

বিশ্বনাথ আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথ আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী।

হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে বিশ্বনাথৰ আছুৰ কাৰ্যালয়ৰ পৰা চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি বিশ্বনাথ নগৰৰ মাজমজিয়াত নগৰখনত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

লগতে প্ৰতিবাদকাৰী সকলে মটৰচাইকেল ঠেলি হাতত চিলিণ্ডাৰ লৈ এই প্ৰতিবাদেৰে চৰকাৰক সকিয়াই দিয়ে যে অনাগত সময়ত যদি চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ নকৰে তেনেহলে তেওঁলোকে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।