NORTHEAST NOW (Assamese)
দেশ

‘আয়া ৰাম, গয়া ৰাম’! নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2024 6:20 pm
Nitish Kumar

বিহাৰৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত আকস্মিক পট পৰিৱৰ্তনেৰে আৰজেডি তথা INDIA মিত্ৰজোঁট ত্যাগ কৰি পুনৰ বিজেপিৰ সংগ লোৱা নীতিশ কুমাৰে আজি অভিলেখ নৱমবাৰৰ বাবে ৰাজভৱনত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

নীতিশ কুমাৰৰ লগতে জনতা দল (ইউনাইটেড)ৰ নেতা বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ আৰু শ্ৰৱণ কুমাৰেও কেবিনেট মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে।

বিজেপি নেতা সম্ৰাট চৌধুৰী, ড০ প্ৰেম কুমাৰ আৰু বিজয় সিনহা, হিন্দুস্তানী আৱাম মৰ্চাৰ (ধৰ্মনিৰপেক্ষ) সভাপতি ড০ সন্তোষ কুমাৰ সুমন আৰু নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিঙেও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ৰাজভৱনত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক পত্ৰ দাখিল কৰাৰ পিছতে নীতিশে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল।

আজি পুৱা জনতা দল (ইউনাইটেড)ৰ বিধানসভাৰ বৈঠকত নীতিশ কুমাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। পদত্যাগৰ কিছু সময়ৰ পিছতে বিজেপিয়ে নীতিশ কুমাৰলৈ সমৰ্থন পত্ৰ আগবঢ়াইছিল।