NORTHEAST NOW (Assamese)
অসম

শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট: প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2022 5:18 pm

অৱশেষত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পতদ্যাগ কৰিলে মহিন্দা ৰাজাপাক্ষেই। দেশজুৰি চৰকাৰ বিৰোধী প্ৰতিবাদ তুংগত থকাৰ মাজতে সোমবাৰে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে সোমবাৰেও শ্ৰীলংকাৰ ৰাজধানী কলম্বোত চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত আছে। জানিব পৰা মতে, প্ৰতিবাদৰ সময়ত কমেও ১৬ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে।

আনহাতে, দেওবাৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গটাবায়া ৰাজাপাক্ষেই প্ৰধানমন্ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ কৈছিল যে ইয়াৰ দ্বাৰাহে দেশখনত সুস্থিৰ পৰিৱেশ ঘূৰি আহিব। তাৰ পাছদিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰে মহিন্দা ৰাজাপাক্ষাই।

লগতে পঢ়ক: জঘন্য যুদ্ধ অপৰাধৰ বাবে দায়ী পুটিন: মন্তব্য কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ

পদত্যাগ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছে। টুইটটোত তেওঁ দেশবাসীক সংযত হ’বলৈ অনুৰোধ কৰিছে। এতিয়া আশা কৰা মতে, শ্ৰীলংকাত এখন সৰ্বদলীয় চৰকাৰ গঠন কৰা হ’ব।