NORTHEAST NOW (Assamese)
Popular Stories

জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2023 9:26 am

দিনক দিনে মানুহৰ ব্যস্ততা বৃদ্ধিৰ লগে লগে যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট এটেকে মানুহক নিমিষতে মাটিত পেলাই দিয়ে। ডায়েবেটিছ, মেদবহুলতা আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগে হৃদৰোগৰ সম্ভাৱনা অধিক কৰি তোলে। এই ভয়ংকৰ বিপদ ৰোধ কৰিবলৈ চিকিৎসকে প্ৰথমতেই কয় যে অস্বাস্থ্যকৰ জীৱনশৈলী ত্যাগ কৰিব লাগে।

হৃদযন্ত্ৰৰ জটিলতা পৰিহাৰ কৰি সুস্থ জীৱন যাপন কৰিবলৈ চিকিৎসকে কিছু বিশেষ পৰামৰ্শ দিয়ে। জিমত ব্যায়াম কৰাৰ সময়ত যুৱক-যুৱতী হাৰ্ট এটেকত মৃত্যুমুখত পৰা সম্পৰ্কত স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে হঠাৎ অতিমাত্ৰা ব্যায়ামক দোষাৰোপ। বুকুৰ বিষ, মূৰ ঘূৰোৱা, উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণৰ পৰা হাত সাৰিবলৈ জিমত ব্যায়াম কৰাটো নিষেধ কৰা হয়।

প্ৰতিনিধিত্বমূলক ফটো।

হৃদৰোগৰ আন এটা কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী। অত্যধিক পৰিমাণৰ জাংক ফুড খোৱা লোকৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

বহুতেই সোনকালে চৰ্বি কমাবলৈ খাদ্য খোৱাৰ পৰিৱৰ্তে প্ৰয়োজনীয় প্ৰটিন পাউদাৰ আৰু খাদ্য পৰিপূৰক পাউদাৰ গ্ৰহণ কৰে। আচলতে এইবোৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। চিকিৎসকসকলে স্বাস্থ্যসন্মত খাদ্য উপযুক্ত পৰিমাণত খোৱাৰ পৰামৰ্শ দিছে।

প্ৰতিনিধিত্বমূলক ফটো।

বহুতে জিমত ৱৰ্কআউট কৰাৰ সময়ত আৰু টোন আপ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ষ্টেৰইড গ্ৰহণ কৰে। এই ষ্টেৰইড শৰীৰৰ বাবে ভয়ংকৰ হ’ব পাৰে। অতিমাত্ৰা সেৱনৰ ক্ষেত্ৰত মৃত্যু অনিবাৰ্য হৈ উঠে।

চিকিৎসকে কেতিয়াও ব্যায়াম জীৱনশৈলীৰ পৰা বাদ দিবলৈ নকয়। প্ৰতিটো ব্যায়াম ২০-৩০ মিনিটকৈ লাহে লাহে কৰিব লাগে, ঘাম ওলোৱাটো প্ৰয়োজনীয়। যদি ব্যায়াম কৰাটো কঠিন যেন লাগে তেন্তে কেতিয়াও তেনে ব্যায়াম কৰা উচিত নহয়। ব্যায়ামে কেতিয়াও মৃত্যু নঘটায়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ব্যায়ামে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা হ্ৰাসহে কৰে।

প্ৰতিনিধিত্বমূলক ফটো।

ধূমপান, মদ্যপান আৰু অত্যধিক তৈলজাত বা জাংক ফুড পৰিহাৰ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। প্ৰতিদিনে নিয়মীয়াকৈ সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে। খাদ্য খোৱাৰ পিছত কিছু সময় চলাচল কৰাৰ প্ৰয়োজন হয়, ই হজম প্ৰক্ৰিয়া উন্নত কৰে।

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিজন মানুহৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ। প্ৰতিজন ব্যক্তিৰ বাবে দিনটোত কমেও ৭ ঘণ্টা টোপনি অতি প্ৰয়োজনীয়। টোপনি ভাল নহ’লে শৰীৰৰ ভাগৰ দূৰ নহয়। ভাগৰুৱা শৰীৰক জিম ৱৰ্কআউটৰ সৈতে আৰু অধিক কষ্ট দিলে মাৰাত্মক প্ৰভাৱ পৰিব পাৰে।